NORTHEAST NOW (Assamese)
অসম

দেশৰ বিভিন্ন স্থানত আৱদ্ধ লোকসকলক আন্তঃৰাজ্যিক যাতায়তৰ অনুমতি কেন্দ্ৰ চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 7:30 am

দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক, শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰী সকলকৰ বাবে আন্তঃৰাজ্যিক যাতায়ৰ নিৰ্দেশনা জাৰি কৰিছে।

‘‘ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থভ্ৰমণকাৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তি সকল আৱদ্ধ হৈ থাকিবলগীয়া হৈছে। তেওঁলোকক নিজ নিজ স্থানলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব,’’ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাটোত কেন্দ্ৰীয় গৃহ সচিৱ অজয় ভাল্লাই কয়।

দুখন ৰাজ্যৰ মাজত হোৱা আলোচনাৰ মাধ্যমেৰেৰ চেনিটাইজ কৰা বাছত সামাজিক দূৰত্ব মানি চলিহে এই যাতায়তৰ অনুমতি প্ৰদান কৰা হৈছে।

আনহাতে, আন্তঃৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ নেদেখুৱা ব্যক্তিকহে ভ্ৰমণৰ অনুমতি দিয়াৰ লগতে নিজৰ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক ৰাজ্যসমূহে ঘৰ নাইবা চৰকাৰে ব্যৱস্থা কৰা কোৱাৰেণ্টাইনত ৰাখিব লাগিব বুলিও নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ আছে।

গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাটোত প্ৰব্ৰজিত শ্ৰমিক সকলৰ যাতায়তৰ বাবে ৰে’লৰ চলাচলৰ বিষয়ে কোনোধৰণৰ উল্লেখ নায়।

তদুপৰি, কোভিদ-১৯-ৰ সৈতে যুঁজাৰ নতুন নিৰ্দেশনা ৪ মে’ৰ পৰা কাৰ্য্যকৰী হ’ব য’ত বহু জিলাত থকা বাধ্যবাধকতা প্ৰয়োজনীয় গাইডলাইনৰ মাজেৰে শিথিল কৰি দিয়া হ’ব বুলিও গৃহ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ শেহতীয়া বৈঠকৰ সময়ত মুখ্য মন্ত্ৰী সকলে ল’কডাউনৰ সময়সীমা বৃদ্ধি আৰু বিভিন্ন স্থানত আৱদ্ধ লোক সকলৰ প্ৰসংগ উত্থাপন কৰিছিল।