NORTHEAST NOW (Assamese)

থাৰ্টি ফাষ্টৰ নিশা ঘোষণা হ’ব পাৰে নৈশ সান্ধ্য আইন, ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰৰ

December 30, 2020 5:56 pm · এন ই নাও নিউজ
Updated: December 30, 2020 6:00 pm

প্ৰথমে ব্ৰিটেইন, তাৰপিছত ইউৰোপৰ আঠ কন ৰাষ্ট্ৰ আৰু এতিয়া ভাৰত আহি পাইছেহি ক’ৰ’ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন।

পূৰ্বৰ কোভিড-১৯তকৈ এই নতুন ষ্ট্ৰেইন ৭০ শতাংশ অধিক সংক্ৰামক বুলি ইতিমধ্যে বিজ্ঞানীসকলে সতৰ্কবাণী শুনাইছে।

এতিয়ালৈকে দেশত নতুন ষ্ট্ৰেইনৰ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত প্ৰায় ২০ জন ৰোগীক চিৱনাক্ত কৰা হৈছে।

এনে পৰিস্থিতিত নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছকলৈ অধিক সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।নতুন ক’ৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজি জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা।

কেন্দ্ৰীয় স্বাস্থ্য সচিব লাভ আৰৱালাই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব সকললৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে ব্ৰিটেইনৰ পৰা যিসকল লোক এমাহৰ ভিতৰত ভাৰতলৈ আহিছে তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব।

আনকি তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ আহিলেও তেওঁলোকে হোম আইছোলেছনত থাকিব লাগিব। মূৰৰ বিষ ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ এটা লক্ষণ বুলি আগৰৱালাই উল্লেখ কৰে।

প্ৰয়োজন হ’লে জনসমাগম কমাবলৈ থাৰ্টি ফাষ্টৰ নিশা নাইট কাৰ্ফিউ ঘোষণা কৰাৰ কৰ্তৃত্ব দিয়া হৈছে ৰাজ্য সমূহক।

ইতিমধ্যে ৰাজস্থানৰ দৰে ৰাজ্যই ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে নাইট কাৰ্ফিউ।পশ্চিমবংগ চৰকাৰেও তেনে চিন্তাই কৰি আছে। অৱশ্যে ৰাজ্যসমূহে এই বিষয়ত নিজাকৈ সিদ্ধান্ত ল’ব পাৰিব।

Related News