NORTHEAST NOW (Assamese)
অসম

আলফাৰ ওপৰত নিষিদ্ধতাৰ ম্যাদ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2019 8:49 pm
Ulfa_Flag Centre extends ban on ULFA

কেন্দ্ৰই আলফাৰ ওপৰত থকা নিষিদ্ধতাৰ ম্যাদ বৃদ্ধি কৰিছে, বাতৰিত প্ৰকাশ

গৃহ মন্ত্ৰ্যালয়ৰ জাননীৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিত কোৱা হৈছে, আলফাৰ ওপৰত নিষিদ্ধতাৰ ম্যাদ পাঁচ বছৰলৈ বঢ়াই দিয়া হৈছে।

“হত্যা, অপহৰণ আৰু ধনদাবী”ৰ দৰে কাৰ্য্যকলাপ চলাই থকাৰ বাবে সংগঠনটোৰ ওপৰত কেন্দ্ৰই এই পদক্ষেপ লৈছে।

“এতিয়া সেয়ে, বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (১৯৬৭ৰ ৩৭)ৰ দফা ৩ৰ উপ দফা (১)ৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ক ইয়াৰ সকলো গোট, শাখা আৰু ফ্ৰণ্ট সংগঠনকো ধৰি এক বেআইনী সংগঠনৰূপে ঘোষণা কৰিছে,” মন্ত্ৰ্যালয়ৰ জাননীৰ উদ্ধৃতি

মন্ত্ৰ্যালয়ে কৈছে, আলফাই ইয়াৰ অসম স্বাধীন কৰাৰ লক্ষ্য আগবঢ়োৱাৰ বাবে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক ঐক্য বিনষ্ট কৰাৰ উদ্দেশ্যেৰে বিভিন্ন অবৈধ আৰু হিংসাত্মক কাৰ্য্যকলাপত জৰিত হৈ আহিছে।

ভাৰত চৰকাৰে ১৯৯০ চনত প্ৰথমবাৰৰ বাবে আলফাক নিষিদ্ধ ঘোষণা কৰিছিল।

আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই দলটোত আনুষ্ঠানিক বিভাজনেৰে ২০১১ চনত আলফা (স্বাধীন) গঠন কৰিছিল।

২০১১ চনত আলফাৰ সভাপতি অৰৱিন্দ ৰাজখোৱাকে অধিকাংশ নেতাৰ গ্ৰেপ্তাৰৰ পিছত কেন্দ্ৰৰ সৈতে তেওঁলোকে আলোচনা আৰম্ভ কৰিছিল।

তাৰ পূৰ্বে আলফাৰ কাকপথাৰ কেম্পে ২০০৮ চনত নিজাববীয়া অস্ত্ৰবিৰতি ঘোষণাৰে আলোচনাৰ মেজলৈ ঘূৰি আহিছিল।