NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বৃদ্ধি পালে সেনাধ্যক্ষ মনোজ পাণ্ডেৰ কাৰ্যকাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 27, 2024 8:06 am

দেশৰ সেনাধ্যক্ষ মনোজ পাণ্ডেৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২৫ মাহ দেশৰ সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা সেনা প্ৰধান গৰাকী অহা ৩১ মে’ত অৱসৰ লোৱাৰ কথা। কিন্তু লোকসভা নিৰ্বাচনৰ সময়ত নতুন সেনাধ্যক্ষ নিযুক্তি দিয়া সম্ভৱ নহয়। হয়তো সেইবাবেই কেন্দ্ৰই এই সময়সীমা এমাহ বৃদ্ধি কৰিলে।

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে দেওবাৰে জনায় যে অৱসৰৰ বয়স পূৰণ হোৱাৰ পিছতো মনোজ পাণ্ডেৰ সেনা মুৰব্বী হিচাপে কাৰ্যকাল এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

অৱশ্যে সেনাধ্যক্ষৰ কাৰ্যকাল কিয় বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে সেয়া অৱগত কৰা হোৱা নাই। এই সিদ্ধান্ত লোকসভা নিৰ্বাচনৰ বাবে লোৱা বুলি ধাৰণা কৰা হৈছে।

২০২২ চনৰ ১৮ এপ্ৰিলত কেন্দ্ৰই মনোজ পাণ্ডেক নতুন সেনাধ্যক্ষ হিচাপে নাম ঘোষণা কৰে। তেওঁক দেশৰ ২৯ নং সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পূৰ্বে মনোজ পাণ্ডে সহকাৰী সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক জেনেৰেল মনোজ মুকুন্দ নাৰৱণেৰ ঠাইত নিযুক্তি দিয়ে। সেই পদত ২৫ মাহ থকাৰ পিছত আৰু এমাহৰ বাবে কাৰ্যকাল বৃদ্ধি পালে সেনাধ্যক্ষৰ।

লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই ১৯৮২ চনত নেচনেল ডিফেঞ্চ একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত সেনা অভিযন্তা হিচাপে নিযুক্তি লাভ কৰে। তেওঁ জম্মু-কাশ্মীৰৰ পল্লনৱাল খণ্ডৰ কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছত ইষ্টাৰ্ণ কমাণ্ডৰ দায়িত্ব লয়। তেওঁ আন্দামান আৰু নিকোবৰৰ কমাণ্ডাৰ-ইন-চীফ পদতো অধিষ্ঠিত হৈছিল।