NORTHEAST NOW (Assamese)

অসমৰ পাঁচ জিলাক ক’ভিড-১৯ হটস্পট ঘোষণা কেন্দ্ৰৰ

April 15, 2020 10:38 pm · এন ই নাও নিউজ
Updated: April 15, 2020 10:39 pm
প্ৰতিনিধিত্বমূলক ফটো

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে অসমৰ পাঁচখন জিলাক ক’ভিড-১৯ হটস্পটৰূপে বুধবাৰে ঘোষণা কৰিছে।

অসমৰ গোলাঘাট, মৰিগাওঁ, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰীক একেলগে হটস্পটৰূপে ঘোষণা কৰা হৈছে।

ক’ভিড-১৯ হটস্পটৰূপে ঘোষণা কৰা দেশৰ ২০৭খন জিলাৰ মাজত অসমৰ এই জিলাকেইখনো আছে।

আনহাতে অসমৰ কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, কাছাৰ, হাইলাকান্দি, দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জক একেলগে ক’ভিড-১৯ নন হটস্পট জিলাৰূপে ঘোষণা কৰা হৈছে।

একেদৰে অৰুণাচল প্ৰদেশৰ লোহিত, মেঘালয়ৰ ইষ্ট খাছি হিলছ, মিজোৰামৰ আইজল, ত্ৰিপুৰাৰ গোমতি আৰু নৰ্থ ত্ৰিপুৰা জিলাক নন হটস্পট জিলাৰূপে ঘোষণা কৰা হৈছে।

এই জিলাসমূহত ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনে এই সন্দৰ্ভত জিলাসমূহৰ অন্তৰ্ভুক্তিৰে এক বিস্তাৰিত পৰিকল্পনা বুধবাৰে ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰিছে।

মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত সুদনে সকলো ৰাজ্যক বৰ্ধিত লকডাউন সময়ৰ সৰ্বোচ্চ উপযোগিতাৰে হটস্পটসমূহ (ৰেড) অৰেঞ্জ আৰু গ্ৰীন জ’নলৈ পৰিৱৰ্তিত কৰিবলৈ আহ্বান জনাইছে।

মঙলবাৰে ২১ দিনীয়া লকডাউনৰ অন্ত পৰাৰ পিছত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন পুনৰ ৩ মে’লৈকে বঢ়াই দিয়ে।

অসমত বুধবাৰে দুগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৯ গৰাকী। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Related News