NORTHEAST NOW (Assamese)
অসম

৩০ বছৰ পুৰণি চৰকাৰী কৰ্মচাৰীৰ পাৰদৰ্শিতা পৰ্যালোচনা, প্ৰয়োজনত অৱসৰ দিয়াৰ নিৰ্দেশনা কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 7:08 am
govt-employees-1587372792

কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতিগ্ৰস্ত তথা পাৰদৰ্শিতাহীন কৰ্মচাৰীসকলক চিনাক্ত কৰি সকলো বিভাগৰে ৩০বছৰৰ অধিক চাকৰিকাল সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলৰ চাৰ্ভিছ ৰেকৰ্ড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে।

১৯৭২চনৰ কেন্দ্ৰীয় অসামৰিক সেৱা (পেঞ্চন) নিয়মাৱলীৰ অধীনৰ নিয়ম ৪৮(১) (বি) আৰু নিয়মাৱলী ৫৬(জে) তথা ৫৬(আই) অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পাৰদৰ্শিতাৰ পৰ্যালোচনা কৰা হয়।

এই নিয়মৰ ভিত্তিত কৰ্তৃপক্ষই যিকোনো চৰকাৰী কৰ্মচাৰীক যিকোনো সময়তে ৰাজহুৱা স্বাৰ্থত বাধ্যতামূলক অৱসৰ দিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে কোনো চৰকাৰী কৰ্মচাৰীৰ বয়স ৫০ৰ পৰা ৫৫বছৰ হ’লে তথা ৩০ বছৰ চাকৰি সম্পূৰ্ণ হ’লে জনস্বাৰ্থৰ খাতিৰত তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই চৰকাৰে অৱসৰ লোৱাৰ নিৰ্দেশ দিব পাৰে।

নিয়ম ৫৬(আই) অনুসৰি গ্ৰুপ চি’ৰ অধীনৰ কৰ্মচাৰী বা পেঞ্চন নিয়মাৱলীৰ অধীনত নপৰা যিসকল কৰ্মচাৰীৰ ৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ হৈছে তেওঁলোকক কৰ্তৃপক্ষই অৱসৰৰ নিৰ্দেশ দিব পাৰে।

ইয়াৰ বাবে উক্ত কৰ্মচাৰীক তিনিমাহ পূৰ্বে জাননী দিব লাগিব নাইবা তিনিমাহৰ দৰমহা তথা পাবলগীয়া ভাট্টা আদি দিব লাগিব।

নিৰ্দেশনাত লগতে কোৱা হৈছে যে এইক্ষেত্ৰত উক্ত কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পাছত নিয়মানুসাৰে পেঞ্চন লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনৰ সকলো বিভাগকে পৰ্যালোচনাৰ বাবে ৰেজিষ্টাৰ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ বাবে কৰ্মচাৰীসকলৰ পাৰদৰ্শিতা পৰ্যালোচনা কৰাৰ বাবে বিশেষ পৰ্যালোচনা সমিতিও গঠন কৰা হ’ব বুলি কোৱা হৈছে।