NORTHEAST NOW (Assamese)

কৰ’নাৰ সংক্ৰমণক লৈ উদ্বেগৰ কাৰণ দেশৰ ৫ খন ৰাজ্য; সতৰ্ক কৰি দিলে কেন্দ্ৰই

April 9, 2022 11:40 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ তথা পজিটিভিটিৰ হাৰ সামগ্ৰিকভাৱে হ্ৰাস পাইছে যদিও পাঁচখন ৰাজ্যকলৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে সতৰ্ক কৰি দিছে। কেৰালা, মিজোৰাম, মহাৰাষ্ট্ৰ, দিল্লী আৰু হাৰিয়ানাক কৰ’নাৰ সংক্ৰমণৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ লগতে ক্ষিপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে যোৱা দুমাহতকৈয়ো অধিক কাল ধৰি ভাৰতত কৰ’নাৰ দৈনিক সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে। বিগত কেইদিনত দেশত দৈনিক আক্ৰান্তৰ সংখ্যা এহাজাৰতকৈয়ো কম। পজিটিভিটিৰ হাৰো ১ শতাংশৰ তলত। তথাপি কেইবাখনো ৰাজ্যত তুলনামূলকভাৱে সংক্ৰমণৰ হাৰ অধিক।

লগতে পঢ়ক: ৫ দিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

ভূষণে এই প্ৰসংগত কেৰালাৰ কথা বিশেষভাৱে উল্লেখ কৰে। যোৱা সপ্তাহত ৰাজ্যখনত কৰ’না আক্ৰান্তৰ সংখ্যা আছিল ২,৩৩১জন। যিটো দেশৰ মুঠ আক্ৰান্তৰ ৩১.৮ শতাংশ। তদুপৰি, যোৱা সপ্তাহত ৰাজ্যখনত পজিটিভিটিৰ হাৰো ১৩.৪ শতাংশৰ পৰা বৃদ্ধি পাই ১৫.৫শতাংশ হৈছে।

কেন্দ্ৰীয় সচিবগৰাকীয়ে কেৰালা চৰকাৰলৈ লিখা পত্ৰত ৰাজ্য চৰকাৰক সুক্ষ্ম নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

সেইদৰে, মিজোৰামত যোৱা সপ্তাহত ৮১৪জন লোক নতুনকৈ কৰ’নাত আক্রান্ত হৈছে। এইটো দেশৰ মুঠ কৰ’না আক্ৰান্তৰ ১১.১৬শতাংশ। তদুপৰি, পজিটিভিটৰ হাৰো ১৪.৩ শতাংশৰ পৰা ১৬.৪ শতাংশলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালকক চৰ মৰাৰ পৰিণতি; অস্কাৰৰ মঞ্চত ১০ বছৰলৈ নিষিদ্ধ উইল স্মিথ

আনহাতে, কেন্দ্ৰীয় সচিবগৰাকীয়ে দিয়া তথ্য অনুসৰি মহাৰাষ্ট্ৰ, দিল্লী আৰু হাৰিয়ানাতো কৰ’নাৰ দৈনিক আক্ৰান্ত তথা পজিটিভিটিৰ হাৰ উদ্বেগৰ বিষয়।

Related News