NORTHEAST NOW (Assamese)
অসম

‘তেজ দিম তেল নিদিও’ বুলি অসমীয়া ডেকাই প্ৰাণ দিয়া দিনটোতে কেন্দ্ৰই গতাব অসমৰ তৈলক্ষেত্ৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 24, 2018 7:55 pm
Akhil Gogoi

ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত ১৯৮০ চনৰ ১৮ জানুৱাৰিৰ দিনটোত অসমৰ তেল বহিঃৰাজ্যলৈ নিয়াৰ বিৰোধিতা কৰি দুলীয়াজানত চলিছিল আন্দোলন। ‘তেজ দিম তেল নিদিও’ শ্ল’গানেৰে আন্দোলন কৰিবলৈ গৈ চহিদ হৈছিল চাৰিজন তেজাল অসমীয়া ডেকা।

সুদীৰ্ঘ ৩৯ বছৰৰ পাছত অসমৰ জাতীয় জীৱনত গুৰুত্ব থকা থকা এই ১৮ জানুৱাৰিৰ দিনটোত অসমৰ দুখন গুৰুত্বপূৰ্ণ তৈল ক্ষেত্ৰক ভাৰত চৰকাৰে বিদেশী কোম্পানীক গতাব ওলাইছে। উল্লেখ্য যে, কেন্দ্ৰই ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত লোৱা অসমৰ টেঙাখাট আৰু যোৰাজান তৈলক্ষেত্ৰৰ নিবিদাৰ ধন জমা দিয়াৰ শেষ তাৰিখ অহা ২০১৯ চনৰ ১৮ জানুবাৰি।

অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰোধিতাৰে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে এক ‘জাতীয় প্ৰতিৰোধ সংগ্ৰাম’ গঢ়ি তোলাৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে গুৱাহাটীৰ গান্ধীবস্তিৰ সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অহা ২৮ ডিচেম্বৰৰ পৰা হ’বলগীয়া এই আন্দোলন কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

সেই অনুসৰি ২৮ ডিচেম্বৰত অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানত থকা কেন্দ্ৰীয় কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ পাছত ২ জানুৱাৰিৰ পৰা অইলৰ কৰ্মচাৰী আৰু স্বীকৃতিপ্ৰাপ্ত ট্ৰেড য়ুনিয়ন সমুহে পালন আৰম্ভ কৰিবলগীয়া সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সহযোগ কৰিব আৰু অইলৰ সকলো কাম-কাজ স্তব্ধ কৰি তুলিব।

পৰৱৰ্তী সময়ত অহা ৫ জানুৱাৰিত সংগঠনটোৱে অইল ইণ্ডিয়া লিমিটেডৰ মৰাণত থকা কাৰ্যালয় ঘেৰাও কৰিব বুলিও অখিল গগৈয়ে জানিবলৈ দিয়ে।

এই সংবাদমেলত অখিল গগৈয়ে কয়, ‘‘বিজেপি চৰকাৰে অসমৰ সম্পদ চিৰকালৰ বাবে বিদেশীৰ হাতত গতাই দিব বিচাৰিছে। চৰকাৰে এদেউ দুদেউ কৰি লোটা নিয়া চলেৰে অসমৰ সমগ্ৰ সম্পদ হস্তগত কৰি ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰি আছে। এইবাৰ টেঙাখাট আৰু যোৰাজানৰ দৰে অত্যন্ত সাৰুৱা তৈলক্ষেত্ৰ বিক্ৰী কৰাৰ পাছত চৰকাৰে বাঘজান আৰু বাৰেকুৰি তেলখাট বিক্ৰী কৰিব।‘’

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ তৈলক্ষেত্ৰ সমুহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্লাম বাৰ্জাৰ এচিয়াচ চাৰভিচেছ লিমিটেড, হেলিবাৰ্টন অফচ’ৰ চাৰভিচেছ কৰ্প’ৰেশ্যন আৰু চিংগাপুৰৰ বেকাৰ হাগচ চিংগাপৰ পি টি ই লিমিটেড নামৰ কোম্পানীৰ হাতত মাত্ৰ ৫ কোটি টকাৰ নূন্যতম দৰত চিৰদিনলৈ হস্তান্তৰ কৰিব বিচাৰিছে বুলি অখিল গগৈয়ে সংবাদমেলত প্ৰকাশ কৰে।

উৎপাদন বৃদ্ধি চুক্তি(Production Enhancement Contract) ৰ নাম লৈ ব্যক্তিগতকৰণ কৰাবলৈ সাজু কৰা এই তৈলক্ষেত্ৰ দুটাৰ নিবিদা প্ৰক্ৰিয়া অহা ২০১৯ চনৰ ৩১ জানুৱাৰিত সম্পূৰ্ণ হ’ব।