NORTHEAST NOW (Assamese)

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

April 19, 2021 3:22 pm · এন ই নাও নিউজ
Updated: April 19, 2021 5:03 pm

কোভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰৰ সৃষ্টি কৰা ভাৰতবৰ্ষত এতিয়াৰে পৰা কোনো কোভিড যোদ্ধাৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিলেও তেনে ব্যক্তিৰ পৰিয়ালে নাপাব চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমাৰ সুবিধা।

কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভৰপক সময়তে কোভিড যোদ্ধাসকলৰ বীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য বিগত বৰ্ষত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কোভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুদ্ধ কৰি থকা চিকিৎসক, নাৰ্চ সকলৰ লগতে সাংবাদিকসকলকো ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

মোদীৰ চৰকাৰে কোভিড যোদ্ধাসকলক আকাশমাৰ্গৰ পৰা ফুল চটিয়াই সন্মান প্ৰদৰ্শন কৰিছিল।

চৰকাৰে কোভিড হাস্পতালত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেও ৫০ লাখ টকাৰ বামা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

কিন্তু এতিয়া চৰকাৰেই সেই বীমাৰ সুবিধা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

২০২০ চনৰ ২০ মাৰ্চৰ পৰা চৰকাৰে উক্ত বীমা আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত সেই বীমাৰ ম্যাদ ২০২১ চনৰ ২৪ মাৰ্চলৈ বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্যৰ মুখ্য সচিব সকললৈ পত্ৰ লিখি উক্ত বীমাৰ ধন আৰু দিব পৰা নাযাব বুলি জনোৱা বুলি জানিব পৰা গৈছে।

অৰ্থাৎ ২৪ মাৰ্চৰ পিছত কোভিডত মৃত্যু ঘটা কোনো কোভিড যোদ্ধাৰ পৰিয়ালে চৰকাৰৰ উক্ত বীমাৰ সুবিধা লাভ নকৰিব।

চৰকাৰৰ এনে সিদ্ধান্তকলৈ এতিয়া বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

Related News