NORTHEAST NOW (Assamese)
অসম

এদিনত একোটা কেন্দ্ৰত কিমান জন লোকে ল’ব পাৰিব ভেকচিন? কেন্দ্রই বান্ধি দিলে সর্বোচ্চ সীমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 1:41 pm
a vaccine

আৰু হয়তো কিছুদিন পিছতে দেশবাসীৰ ওচৰ পাব ক’ৰ’ণাৰ ভেকচিন।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে।

এদিনত কিমান জন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে আজি জাৰি কৰা নিৰ্দেশনাত এই বুলি কৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক ১০০ গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে যদি কোনো কেন্দ্ৰ পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে তেনে কেন্দ্ৰত ২০০ গৰাকী পৰ্যন্ত লোকে ভেকচিন ল’ব পাৰিব।

ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেই কেন্দ্ৰত কমেও তিনিটা কোঠা থাকিব লাগিব ।

সেই কোঠা বোৰ অপেক্ষাগৃহ,ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাবে ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰই জাৰি কৰা ১১২ পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত ৫ গৰাকী লোক থাকিব।

খবৰ অনুসৰি ২৪ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰই সকলো ৰাজ্যকে ভেকচিন প্ৰদানৰ সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ কৈছে।

প্ৰথাৱস্থাত দেশত ৬০০ নিযুত ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।