NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদৰ্শন হ’ব চামেলী মেমচাহেব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2019 5:33 pm
Chameli-Memsaheb-

ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই  অহা ১৬ নৱেম্বৰ শনিবাৰে  আবেলি ৫ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত জনপ্রিয় ছবি  ‘চামেলী মেমসাহেব’ প্ৰদৰ্শন কৰা হব।

উল্লেখযোগ্য যে, ১৯৭৯ চনত ইন্দ্ৰ সেনৰ পৰিচালনাত  মুক্তিলাভ কৰা বাংলা ছবিখনৰ সংগীত পৰিচালনা কৰিছে ড০ ভূপেন হাজৰিকাই।

ছবিখনত  অভিনয় কৰিছিল জৰ্জ বেকাৰ, ৰাখি গুলজাৰ, অনিল চেৰ্তাজী, গীতা দে,  আভা ধুলিয়া, তৰুণ কুমাৰ, চিন্ময় ৰয়কে  ধৰি আন বহুসংখ্যক আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে।

আনহাতে, চলচ্চিত্ৰখনৰ বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকা, হেমন্ত কুমাৰ, উষা মংগেস্কাৰ, আৰতি মুখাৰ্জীয়ে।

আব্দুল মজিদৰ পৰিচালনাত চামেলী মেমসাহেবক অসমীয়া ভাষাতো নিৰ্মাণ কৰা হৈছিল আৰু ছবিখনৰ গীত সমূহক অসমীয়া দৰ্শকে অতি আদৰেৰে আকোৱালি লৈছিল।