NORTHEAST NOW (Assamese)

চামগুৰি সোনাৰিবালিত বন্যহস্তীয়ে লণ্ড ভণ্ড কৰিলে তিনিটা বাসগৃহ

August 16, 2018 8:36 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি সোনাৰিবালিত আজি পুৱাই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা তিনিটা কৈ বন্যহস্তীয়ে প্ৰৱেশ কৰি দৰিদ্ৰ পৰিয়ালৰ তিনিটা বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰা ঘটনাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হয় ।

কেতিয়াও বন্যহস্তীৰ আগমণ নোহোৱা সোনাৰিবালিবাসীয়ে আজি পুৱা স্ব-চক্ষে বনৰীয়া হাতীৰ উপদ্ৰৱ দেখাৰ পিছত গঞাৰ মাজত হুৱাদুৱা লাগে। বিগত সময়ত কোনোদিনে এইদৰে বনৰীয়া হাতীৰ প্ৰৱেশ প্ৰত্যক্ষ নকৰা গাঁৱবাসী হঠাৎ অপ্ৰস্তুত হৈ পৰে। তদুপৰি পুৱাতেই এনেধৰণে হাতীৰ আগমণে একপ্ৰকাৰ লোকসকলৰ মাজত ভীষণ আতংকৰ সৃষ্টি কৰে।

হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰা বাসগৃহ কেইটাৰ গৰাকী হ’ল ৰমজান আলী, মৰচফ আলীৰ দুটা গৃহ আৰু ৰঞ্জন দাসগুপ্তাৰ পকী দেৱাল।

আনহাতে, বনকৰ্মীক খবৰ দিয়াৰ পিছতো বনৰক্ষী দল দেৰিকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে।

Related News