NORTHEAST NOW (Assamese)
অসম

সহিব নোৱৰা হৈছে প্ৰকৃতিয়ে, গোৱালপাৰাত ভৰ বাৰিষাতে শুকাইছে কৃষ্ণাই নৈ!

Posted by: নীলমণি শৰ্মা August 30, 2018 10:39 pm

মানুহৰ নিৰ্য্যাতন যেন সহ্য নোহোৱা হৈছে প্ৰকৃতিৰ। নীপক’ই এৰা পানীয়ে হঠাতে গোলাঘাটৰ বিস্তৰ ক্ষতি কৰাৰ বিপৰীতে গোৱালপাৰাত ভৰ বাৰিষাতে শুকাইছে কৃষ্ণাই নৈ।

অকল কৃষ্ণায়ে নহয়, শুকাই গৈছে মেঘালয়ৰ পৰা নামি অহা দুধনৈ, জিনাৰি, জিনজিৰাম আদি সকলো নৈ। ভৰ বাৰিষা শাওণ মাহত এনেদৰে ইখনৰ পিছত সিখন নৈৰ পানী শুকাই যোৱাত আতংকিত হৈ পৰিছে জিলাখনৰ নৈপৰীয়া ৰাইজ৷

এই অস্বাভাৱিক ঘটনাৰ কাৰণ অনাবৃষ্টি নে মেঘালয়ৰ নদীবান্ধ নে এয়া কিবা মহাপ্ৰলয়ৰ আগজাননী তাকে লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷

নৈৰ পানী শুকাই যোৱাৰ ফলত শুকান খেতি পথাৰত ৰাইজে খেতি কৰিব নোৱৰাৰ লগতে অঞ্চলটোত আনকি কুঁৱা আৰু দমকলটো পানী নোহোৱা হৈছে।

অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকসকলে জনোৱা মতে পূৰ্বে কোনো দিনে বাৰিষা কৃষ্ণাইৰ এই ৰূপ তেওঁলোকে দেখা নাই।