NORTHEAST NOW (Assamese)
অসম

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2025 8:37 am
ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

এক গুৰুত্বপূৰ্ণ ৰায়দানত সোণাৰিৰ চৰাইদেউ জিলা ন্যায়িক আদালতে ডাইনী বুলি অভিহিত কৰি এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ডত জড়িত থকাৰ বাবে ২৩ জন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আৰু ৫ হাজাৰ টকাকৈ জৰিমনা বিহিছে।

২০১২ চনত চৰাইদেউত সংঘটিত হোৱা এই ঘটনাৰ সুদীৰ্ঘ ১৩ বছৰৰ পাছত আদালতৰ পৰা ন্যায় লাভ কৰে ডাইনীৰ নামত হত্যাৰ বলি হোৱা মহিলাগৰাকীয়ে।

খবৰ অনুসৰি, অসমৰ চৰাইদেউৰ জলহা গাঁৱত ফুলেশ্বৰী হালুৱাক শাৰীৰিক নিৰ্যাতন চলাই এদল লোকে তেওঁক জীৱন্তে জ্বলাই দিছিল।

অন্ধবিশ্বাস আৰু ডাইনী সন্দেহে অভিযুক্তসকলক এনে কাণ্ডৰ বাবে প্ৰৰোচিত কৰিছিল বুলি অভিযোগ উঠিছে।

চৰাইদেউৰ এজন অধিবক্তাই কয় যে, ‘আদালতে প্ৰমাণ আৰু সাক্ষ্যৰ ওপৰত সযতনে বিবেচনা কৰি ৰায়দান কৰি ২৩ জন ব্যক্তিক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ উপৰিও আদালতে দোষীসকলক ভুক্তভোগীৰ পৰিয়ালক ৮ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।‘

এই ৰায়দান ১৩ টা দীঘলীয়া বছৰ ধৰি বিচাৰৰ বাবে অপেক্ষা কৰি থকা ভুক্তভোগীৰ পৰিয়ালৰ বাবে ন্যায়ৰ সন্ধানত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

আদালতৰ এনে সিদ্ধান্তই এনে জঘন্য অপৰাধৰ পৰিণতি আৰু আইনৰ শাসন বজাই ৰখাৰ গুৰুত্বৰ কঠোৰ সকীয়নি হিচাপে কাম কৰে।