NORTHEAST NOW (Assamese)
অসম

হাজোৱা চাহ বাগিচাত গুলীবৰ্ষণ কৰা ঘটনাৰ লগত জড়িত তিনিগৰাকীক অভিযুক্তক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2019 9:08 am
hajuwa tea estate

চৰাইদেও জিলা আৰক্ষীয়ে মৰাণৰ হাজোৱা চাহবাগিচাত আলফাই গুলীবৰ্ষণ কৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ এমাহ উকলি যোৱাৰ পাছত ঘটনাৰ লগত জড়িত তিনিজন লোক ক্ৰমে আকাশ প্ৰধান(৩৪), জীতেন ঠাকুৰ (৩৪) আৰু উত্তম টেলেংগা(৩৮)ক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকতিনিগৰাকীৰ ঘৰ ক্ৰমে হিংৰীজান, হাজোৱা আৰু খুটাইত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, মৰাণহাটত থকা হাজোৱা চাহ বাগিচাত ৯ জুনৰ দিনাখন দুগৰাকী বাইক আৰোহীয়ে নিজকে আলফা বুলি চিনাকী দি চাহ বাগিচাখনৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখত মুকলিকৈ গুলীবৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত চাহ বাগিচাখনৰ মেনেজাৰগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ১২ জুনত মাধৱ নাথ এগৰাকী ব্যক্তিক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, আৰক্ষীৰ অভিযানত এখন মটৰ চাইকেল, পিষ্টল, আলফাৰ নামত ধন দাবী পত্ৰ আদিকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইগৰাকীয়ে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা আলফাৰ নামত ধন দাবী কৰি অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। চাহ বাগিচাখনৰ মেনেজাৰকো তেওঁলোকে আলফাৰ নাম লৈ ধন দাবী কৰিবলৈ অহিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ পৰৱৰ্তী তদন্তত সকলো ঘটনা পোহৰলৈ আহিব আৰু ঘটনাৰ লগত আলফাৰ প্ৰকৃততে সম্বন্ধে আছে নে নাই জানিব পৰা যাব