NORTHEAST NOW (Assamese)

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, কিন্তু কিয়?

January 21, 2022 6:38 pm · এন ই নাও নিউজ,গুৱাহাটী
Arvind-Kejriwal-said-Political-parties-have-ruined-Punjab-then

সমাগত দেশৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচন। তেনে ৰাজ্যসমূহৰ ভিতৰত পঞ্জাৱো এখন। পঞ্জাৱত কংগ্ৰেছ, বিজেপিকে ধৰি ৰাজ্য খনৰ আঞ্চলিক দল সমূহে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে।

এনে সময়তে পঞ্জাৱত হাই-ভল্টেজ প্ৰচাৰ চলাই থকা আম আদমী পাৰ্টিৰ (আপ) নেতা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে মানহানিৰ গোচৰ ৰুজু তৰিব বুলি ঘোষণা কৰিছে।

এই প্ৰসংগত চান্নীয়ে কয়—মই কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম আৰু মোৰ দলক এনে কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছো। মই এইটো কৰিবলৈ বাধ্য হৈছো… তেওঁ মোক অসৎ বুলি অভিহিত কৰিছে আৰু তেওঁ সেইটো তেওঁৰ টুইটাৰ হেণ্ডেলত ৰাখিছে” ।

চামকৌৰ চাহিবত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ এনেদৰে মন্তব্য কৰে।

চান্নীয়ে কয় যে কেজৰিৱালে এতিয়া সকলো সীমা অতিক্ৰম কৰিছে ।

কেজৰিৱালে পঞ্জাৱত প্ৰচাৰ চলাই থকাৰ সময়ত মুখ্যমন্ত্ৰী চান্নীক অসৎ ব্যক্তি বুলি অভিহিত কৰিছিল।

চান্নীয়ে অভিযোগ কৰে যে কেজৰিৱালে আনৰ ভাবমূৰ্তি কলুষিত কৰাৰ বাবে অভিযোগ উত্থাপন কৰাৰ অভ্যাস অতীতৰে পৰা দেখা গৈছিল ।

ইয়াৰ বাবে কেজৰিৱালে বিজেপি নেতা নীতিন গাডকাৰী, স্বৰ্গীয় অৰুণ জেটলী আৰু এছএডি নেতা বিক্ৰম সিং মাজিথিয়াৰ ওচৰত ক্ষমা বিচাৰিব লগা হৈছিল বুলি চান্নীয়ে কয়।

Related News