NORTHEAST NOW (Assamese)
অসম

চেন্নাই এপল’ৰ চিকিৎসকে বিনামূলীয়া সেৱা আগবঢ়াব গুৱাহাটী প্ৰে’ছ ক্লাবত

Posted by: এন ই নাও নিউজ September 19, 2018 3:47 pm
চেন্নাই এপল’ৰ চিকিৎসকে বিনামূলীয়া সেৱা আগবঢ়াব গুৱাহাটী প্ৰে’ছ ক্লাবত

গুৱাহাটী প্ৰেছ ক্লাবৰ সাপ্তাহিক মিডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব চেন্নাইৰ এপ’ল’ চিকিৎসালয়ৰ নাক, কাণ, ডিঙি/ মূৰ আৰু ডিঙি চাৰ্জন ডা০ এচ কান্নানে।

আবেলি ৩ৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব লগা ক্লিনিকটোত সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব।

ডিঙিৰ সমস্যা, মুখৰ ঘা, কাণৰ সংক্ৰমণ আদি সমস্যা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকজনৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।

আনহাতে প্ৰে’ছ ক্লাবত অহা ৫ অক্টোবৰত হ’ব লগা আন এটা ক্লিনিকত ৪০ বছৰৰ ওপৰৰ লোকসকলক বিনামূলীয়া পৰামৰ্শ প্ৰদান কৰিব এপ’ল’ৰে গেৰিয়াত্ৰিচিয়ান ডা০ ৰাজেন্দ্ৰন মাগেশে।

৫ অক্টোবৰত হ’ব লগা ক্লিনিকটো আবেলি ৫ৰ পৰা ৭ বজালৈ অনুষ্ঠিত হ’ব।