NORTHEAST NOW (Assamese)

ছেনিটাইজাৰ স্প্ৰে’ কৰাৰ ভাও ধৰি ATMৰ পৰা চোৰে উলিয়াই নিলে ৮.২ লাখ টকা

June 1, 2020 11:57 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ছেনিটাইজাৰ স্প্ৰে’ কৰাৰ ভাও ধৰি চেন্নাইৰ এটা ATMৰ পৰা চোৰে দেওবাৰে সৰকাই নিলে ৮.২ লাখ টকা।

যিহেতো ক’ৰ’না ভাইৰাছক লৈ মহানগৰখনৰ ৰাজহুৱা স্থানসমূহত ছেনিটাইজাৰ স্প্ৰে’ কৰি থকা হৈছে সেয়ে কোনেও লোকজনক সন্দেহ কৰা নাছিল।

প্ৰাপ্ত তথ্য মতে এটা বেগ আৰু স্প্ৰে’ টিউব লৈ অচিনাক্ত লোকজনে এখন অটোৰিক্সাত উঠি উক্ত স্থানত উপস্থিত হয়।

ATMটোৰ নিৰাপত্তাৰক্ষী গৰাকীক লোকজনে প্ৰশাসনৰ ফালৰ পৰা তেওঁক ছেনিটাইজাৰ ছটিয়াবলৈ পঠিওৱা হৈছে বুলি কয়।

আৰক্ষীয়ে জনোৱা মতে পইচা উলিয়াবলৈ ATMটোত প্ৰৱেশ কৰা এগৰাকী গ্ৰাহকে লোকজনক মেচিনটোৰ কাৰেন্সি চে’ষ্টত পাছৱ’ৰ্ড মাৰি থকা দেখা পাই যদিও তেওঁক বেংকৰ কৰ্মচাৰী বুলি ভাবে।

দহ মিনিটমানৰ পিছত লোকজনে বেগটো লৈ ATMটোৰ পৰা কোবাকুবিকৈ ওলাই ৰৈ থকা অটোৰিক্সাখনত উঠে।

গ্ৰাহকজনৰ সন্দেহ ওপজাত তেওঁ চিকিউৰিটি গাৰ্ডজনক কথাটো অৱগত কৰাত তেওঁলোকে লোকজনক ৰখাবলৈ চেষ্টা চলাই যদিও ইতিমধ্য চোৰে তাৰ পৰা পলায়ন কৰে।

পিছত বেংকৰ মেনেজাৰে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। চোৰে ৮.২ লাখ টকা উলিয়াই নিয়ে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে আৰক্ষীয়ে বেংকটোৰ কোনো ভিতৰোৱা মানুহেই এইয়া সংঘটিত কৰা বুলি সন্দেহ কৰিছে।

Related News