NORTHEAST NOW (Assamese)
অসম

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 3, 2022 4:49 pm
Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

৩ জুনৰ পৰা ৫ জুন, ২০২২লৈ গুৱাহাটী দবা একাডেমীয়ে অনুৰ্দ্ধ ৭বছৰ আৰু অনুৰ্দ্ধ ১১ বছৰ শাখাত এখন দবা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতা খন আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাদেমীৰ চৌহদত অনুষ্ঠিত হৈছে।

অনুৰ্দ্ধ ৭ বছৰ শাখাত ৰাউণ্ড ৰবীন পদ্ধতিত আৰু অনুৰ্দ্ধ ১১ বছৰ শাখাত ছুইছ লীগ পদ্ধতি অনুষ্ঠিত হৈছে।

অনুৰ্দ্ধ ৭ বছৰ শাখাত ৭ জন আৰু অনুৰ্দ্ধ ১১ বছৰ শাখাত ১৫ জন মূঠ ২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতা খন প্ৰণৱ কুমাৰ নাথে মুখ্য পৰিচালক হিচাপে পৰিচালনা কৰিছে।

প্ৰথম চাৰিটা স্থান অধিকাৰ কৰা খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব।