NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ টংলাত ধৰ্মীয় পৰম্পৰাৰে ষট পূজাৰ আয়োজন

Posted by: ছাজিদ খান Updated by: ছাজিদ খান November 13, 2018 6:46 pm
20181113_151349 (1)

সূৰ্য দেৱতা আৰু তেওঁ পত্নী সন্ধ্যাদেৱীৰ প্ৰতি ভক্তি অৰ্ঘ্য নিৱেদনৰ সম্পূৰ্ণ ধৰ্মীৰ পৰম্পৰাৰে আজি সমগ্ৰ দেশৰ লগতে অসমতো পালিত হৈছে ষট পূজা।  ননৈ আৰু নাৰিকা নদীকে ধৰি আন আন জলাধাৰত অস্তমান সূৰ্যৰ প্ৰতি শ্ৰদ্ধা নিবেদনেৰে আজি ওদালগুৰি জিলাৰ টংলাতো ষট পূজাৰ আৰম্ভণি কৰা হয়।

ওদালগুৰিৰ টংলা, কলাইগাঁও, পানেৰি, ডিমাকুছি, মাজবাট আৰু ওদালগুৰিত ১৩ নৱেম্বৰৰ আবেলিৰ পৰা ষট পূজা আৰম্ভ হৈছে।

এই ষট পূজাতেই ফল উৎসৰ্গা কৰি সূৰ্য আৰু তেওঁৰ পত্নী সন্ধ্যাদেৱীক (ষট মাইয়া) অৰ্চনা কৰা হয়। উল্লেখ্য যে পৰিৱেশবিদসকলে ষট পূজাক আটাইতকৈ পৰিৱেশবন্ধু উৎসৱ বুলি ঘোষণা কৰিছে।

আবাল-বৃদ্ধ-বনিতাই অংশগ্ৰহণ কৰা এই পূজাৰ সময়ত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

টংলা চহৰৰ ৩খন ষট পূজা কমিটীসমূহৰ ভিতৰত ননৈ ষট পূজা কমিটীখন হৈছে আটাইতকৈ প্ৰাচীন। ১৯৬০ চনৰ পৰা এই পূজা কমিটীখনে ষট পূজা কমিটী আয়োজন কৰি আহিছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত আয়োজকসকলে জনাইছে যে সুকলমে পূজা আয়োজন কৰাৰ বাবে পৰ্যাপ্ত অৰ্ধ-সামৰিক আৰু আৰক্ষী বাহিনীৰ লোক মোতায়েন কৰা হৈছে।

কোনো অনাকাংখ্যিত পৰিস্থিতি যাতে সংঘটিত হ’ব নোৱাৰে তাৰ বাবে স্বেচ্ছাসেৱকসকলে পূজাস্থলী চোৱাচিতা কৰি আছে। এই পূজাত অংশগ্ৰহণকাৰীসকলে ৪ দিন ধৰি ব্ৰতকে আদি কৰি বহুতো কঠোৰ নিয়ম-কানুন পালন কৰে। পৱিত্ৰ স্নান, আনকি জল পৰ্যন্ত গ্ৰহণ নকৰাকৈ পালন কৰা লঘোনৰ পাছত ভগৱানলৈ প্ৰসাদ উৎসৰ্গা কৰে।