NORTHEAST NOW (Assamese)
Popular Stories

পৰ্যটন নে সংৰক্ষণ? ছত্তীশগড় চৰকাৰৰ লক্ষ্য ‘গ্ৰীণ কেভ’, কিন্তু কিয় বাধা দিছে বিজ্ঞানীসকলে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2026 9:27 am

অতীতত মাওবাদী অধ্যুষিত হিচাপে পৰিচিত ছত্তীশগড়ৰ বস্তাৰ জিলাৰ কাংগেৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত দুৰ্লভ আৰু পৰিৱেশৰ দিশৰ পৰা অত্যন্ত সংবেদনশীল ‘গ্ৰীণ কেভ’ (Green Cave) পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ চৰকাৰী সিদ্ধান্তই বিশেষজ্ঞসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিজ্ঞানী আৰু পৰিৱেশবিদসকলে একগোট হৈ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে।

বস্তাৰ অঞ্চলত মাওবাদী কাৰ্যকলাপ যথেষ্ট হ্ৰাস পোৱাৰ পিছত ৰাজ্য চৰকাৰে এই অঞ্চলৰ বিভিন্ন স্থানক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ অংশ হিচাপে প্ৰাকৃতিকভাৱে গঠিত দুৰ্লভ ‘গ্ৰীণ কেভ’ বা সেউজীয়া গুহাটিক এক সম্ভাৱ্য পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ বনমন্ত্ৰী কেদাৰ কাশ্যপে এই সন্দৰ্ভত কয়, “এই গুহাটিক পৰ্যটনৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে স্থানীয় লোকৰ সংস্থাপনৰ পথ প্ৰশস্ত হ’ব আৰু আঞ্চলিক উন্নয়ন ক্ষিপ্ৰতৰ হ’ব। ই কাংগেৰ উপত্যকাৰ পৰ্যটনত এক নতুন মাত্ৰা প্ৰদান কৰিব।”

লাখ লাখ বছৰ ধৰি ভূ-তাত্ত্বিক আৰু জল-তাত্ত্বিক প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা এই গ্ৰীণ কেভ অত্যন্ত সংবেদনশীল পৰিৱেশত অৱস্থিত। বিশেষজ্ঞসকলৰ মতে, গুহাটিৰ অস্তিত্ব নিৰ্ভৰ কৰে দিনটোৰ এটা সীমিত সময়ৰ সূৰ্যৰ পোহৰ, স্থিৰ তাপমাত্ৰা আৰু অধিক আৰ্দ্ৰতাৰ ওপৰত।

লক্ষ্ণৌৰ বীৰবল চাহনী পুৰাজীৱ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক মহেশ জি. ঠাক্কৰে সকীয়াই দি কয়, “পৰ্যটকৰ আহ-যাহৰ ফলত সৃষ্টি হোৱা ধূলি, শব্দ, কঁপনি আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনে গুহাটিৰ পৰিৱেশত তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী কু-প্ৰভাৱ পেলাব পাৰে। কোনো ব্যাপক বৈজ্ঞানিক আৰু পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন (EIA) নকৰাকৈ ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰাটো বৈজ্ঞানিকভাৱে এক অবিবেচকী পদক্ষেপ হ’ব।”

উল্লেখ্য যে ভাৰতৰ প্ৰখ্যাত গুহা অন্বেষণকাৰী বিজ্ঞানী ড০ জয়ন্ত বিশ্বাসৰ মতে, কাংগেৰ উপত্যকাৰ প্ৰায় ২৭ টা গুহাৰ ভিতৰত গ্ৰীণ কেভ একমাত্ৰ গুহা য’ত দুপৰীয়াৰ ভাগত মাত্ৰ এঘণ্টাৰ বাবে সূৰ্যৰ পোহৰ পৰে। এই গুহাৰ দেৱাল আৰু ছালৰ পৰা ওলমি থকা চুণশিলৰ স্তৰত (Stalactites) এক বিশেষ ধৰণৰ শেলাইৰ আৱৰণ আছে, যিয়ে গুহাটিক এক সেউজীয়া অইল পেইণ্টিং সদৃশ ৰূপ প্ৰদান কৰিছে। ইয়াৰ পৰাই গুহাটিৰ নাম ‘গ্ৰীণ কেভ’ ৰখা হৈছে।

পৰিৱেশবিদসকলে অভিযোগ কৰিছে যে চৰকাৰে পৰ্যটনৰ সুবিধাৰ বাবে গুহাৰ মুখত ইতিমধ্যে কিছুমান নিৰ্মাণ কাৰ্যৰ অনুমতি দিছে, যিয়ে পৰ্যটন আৰম্ভ হোৱাৰ পূৰ্বেই গুহাটিৰ পৰিৱেশ তন্ত্ৰৰ অপূৰণীয় ক্ষতি কৰিব পাৰে। পৰিৱেশ কৰ্মী নীতিন সিংভীয়ে অতিৰিক্ত মুখ্য সচিবক (বন) প্ৰেৰণ কৰা এক অভিযোগত উল্লেখ কৰিছে যে মানুহৰ উপস্থিতিৰ ফলত বৃদ্ধি পোৱা কাৰ্বন-ডাই-অক্সাইড, তাপ আৰু ধূলিয়ে গুহাৰ আভ্যন্তৰীণ ৰসায়ন বিজ্ঞানক ক্ষতিগ্ৰস্ত কৰিব আৰু ইয়াৰ অনন্য সেউজীয়া আৱৰণ ধ্বংস কৰিব।

বিজ্ঞানীসকলৰ মতে, যদি ভৱিষ্যতে কেতিয়াবা পৰ্যটনৰ অনুমতি দিয়াও হয়, সেয়া অত্যন্ত সীমিত আৰু কঠোৰভাৱে নিয়ন্ত্ৰিত হ’ব লাগে, য’ত মনোৰঞ্জনতকৈ সংৰক্ষণক অধিক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন।