NORTHEAST NOW (Assamese)
Popular Stories

জীৱিত অৱস্থাত যুৱকে গিলিলে মুৰ্গীৰ পোৱালী! মৃতকৰ পেটৰ পৰা উদ্ধাৰ জীৱিত কুকুৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2024 3:33 pm

এটা জীয়া কুকুৰা গিলাৰ ফলত মৃত্যু হৈছে এজন যুৱকৰ। আৰু পেটৰ পৰা পোৱালিটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। চিকিৎসকে জনোৱা মতে, কুকুৰাৰ বাবে যুৱকজনৰ শ্বাসনলী আঘাতপ্ৰাপ্ত হয়। কিন্তু তেওঁ কিয় কুকুৰাটো খাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে গাঁৱৰ কোনোবা তান্ত্ৰিকৰ পৰামৰ্শমতে তেওঁ এই কাম কৰিছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ছত্তীশগড়ৰ অম্বিকাপুৰত চিণ্ডকালো গাঁৱৰ ঘটনা। যুৱকজনৰ নাম আনন্দ যাদৱ (৩৫)। তেওঁৰ পৰিয়ালৰ লোকে কয় যে গা ধুই অচেতন হৈ পৰে। অসুস্থ অনুভৱ কৰি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কিন্তু এই মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। গাঁৱৰ মানুহৰ লগত কথা পাতি তেওঁলোকে গম পালে যে যুৱকজন পিতৃ হব পৰা নাই। গতিকে যোৱা কেইদিনমানৰ পৰা তেওঁ এজন তান্ত্ৰিকৰ কাষ চাপিছিল। বিশ্বাস কৰা হয় যে তেওঁৰ পৰামৰ্শ মতে তেওঁ গোটা পোৱালি গিলিছিল। সেই তান্ত্ৰিকক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।