NORTHEAST NOW (Assamese)
দেশ

ঘোচ লোৱাৰ অভিযোগ! ছত্তীশগড় আৰক্ষীৰ চাৰিজনীয়া দলক আটক কৰিলে গুৱাহাটী আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2026 3:39 pm

গুৱাহাটী মহানগৰীত আজি এক চাঞ্চল্য্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত ঘোচ লোৱাৰ অভিযোগত ছত্তীশগড় আৰক্ষীৰ এটা দলক আটক কৰা হৈছে। এজন পৰিদৰ্শকসহ মুঠ চাৰিজনীয়া আৰক্ষীৰ দলটোক গুৱাহাটী আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে। ২৯ এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাই এতিয়া আৰক্ষী বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এটা চাইবাৰ অপৰাধৰ তদন্তৰ বাবে ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা আৰক্ষীৰ এই দলটো অসমলৈ আহিছিল। এই তদন্ত চলি থকাৰ সময়তে দলটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে তেওঁলোকে গোচৰটোৰ সৈতে জড়িত অভিযুক্তৰ পৰা ঘোচ দাবী কৰিছিল আৰু ধন গ্ৰহণ কৰিছিল। এই গুৰুতৰ অভিযোগ লাভ কৰাৰ পিছতে গুৱাহাটীৰ দিছপুৰ থানাত ৰায়পুৰ আৰক্ষীৰ দলটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয়।

সম্প্ৰতি গুৱাহাটী আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ গভীৰ তদন্ত আৰম্ভ কৰিছে। এজন উচ্চ পদস্থ আৰক্ষী বিষয়া থকাৰ পিছতো কেনেকৈ এনেদৰে দুৰ্নীতিৰ আশ্ৰয় লোৱা হ’ল সেই বিষয়ে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰি আছে। আটক কৰা আৰক্ষী সকলক বৰ্তমান জিম্মাত ৰখা হৈছে আৰু এই ঘটনাত আন কোনো লোক জড়িত আছে নেকি সেই বিষয়েও অনুসন্ধান চলোৱা হৈছে।