NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক মাফিয়া নেতা, ৰাজেন গোঁহাইৰ বিস্ফোৰক মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2025 3:34 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক মাফিয়া নেতা, ৰাজেন গোঁহাইৰ বিস্ফোৰক মন্তব্য

অসমৰ ৰাজনীতিত এতিয়া তীব্ৰ খলকনিৰ সৃষ্টি হৈছে। বিজেপি দল ত্যাগ কৰি শেহতীয়াকৈ অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অতিশয় আক্ৰমণাত্মক হৈ পৰিছে। মৰাণত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ এখন সাধাৰণ সভাত অংশগ্ৰহণ কৰি ৰাজেন গোঁহায়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক মাফিয়া নেতা বুলি অভিহিত কৰি এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

ৰাজেন গোঁহায়ে মুখ্যমন্ত্ৰীৰ অতীতৰ বিভিন্ন বিতৰ্কিত প্ৰসংগ উত্থাপন কৰি কয় যে লুইচ বাৰ্জাৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি মানবেন্দ্ৰ শৰ্মালৈকে বিভিন্ন সময়ত ডাঙৰ জালত পৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাক কোনেও একো কৰিব নোৱাৰিলে। তেওঁ অভিযোগ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ আৰু জোনমণি ৰাভাৰ মৃত্যুৰ দৰে ৰহস্যজনক ঘটনাসমূহ চৰকাৰে কৌশলেৰে তল পেলাই দিলে। তেওঁ ৰাইজক সঁকীয়াই দি কয় যে সকলোকে বিশ্বাস কৰিলেও এইজন মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। যিসকলে তেওঁৰ তোষামোদ কৰি ফুৰে, তেওঁলোকক ধিক্কাৰ জনাই গোঁহায়ে কয় যে তেওঁলোকে নাজানে নিজৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত কোনে ধ্বংস কৰি আছে।

মিঞা আৰু মুছলমান সম্পৰ্কীয় ৰাজনীতিক লৈও ৰাজেন গোঁহায়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে মিঞা-মুছলমান বুলি চিঞৰি থাকে যদিও আচলতে তেওঁ আজানপীৰ বা চান্দসাইক চিনি নাপায়। অসমীয়া হিন্দু আৰু মুছলমান গাঁৱৰ মাজত যুগ যুগ ধৰি চলি অহা সম্প্ৰীতিত মুখ্যমন্ত্ৰীয়ে কিয় জুই লগাব বিচাৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। অচিনাকী মানুহ খেদাৰ নামত চৰকাৰে আচলতে এজনো বিদেশী মানুহক খেদিব নোৱাৰিলে বুলি তেওঁ কটাক্ষ কৰে।

মুখ্যমন্ত্ৰীৰ অসমীয়া প্ৰেমক ভুৱা বুলি অভিহিত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে তেওঁৰ ইমানেই অসমীয়া প্ৰেম আছিল, তেন্তে তেওঁ কিমান অসমীয়া যুৱকক আগুৱাই লৈ যাব পাৰিলেহেঁতেন। আজিৰ দিনত সকলো কামৰ বাবে তেওঁৰ চৰকাৰে মিঞা সকলৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছে বুলিও তেওঁ মন্তব্য কৰে। বিজেপিৰ এসময়ৰ শক্তিশালী নেতাগৰাকীয়ে এতিয়া নিজৰ পুৰণি দল আৰু ইয়াৰ নেতৃত্বৰ বিৰুদ্ধে এনেদৰে মুকলি যুদ্ধ ঘোষণা কৰা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে।