NORTHEAST NOW (Assamese)

মাজুলী-নিমাতীঘাটৰ মাজত ৰ’-ৰ’ জাহাজৰ সেৱা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

October 11, 2018 3:16 pm · মিটু খাটনিয়াৰ
Updated: October 11, 2018 3:19 pm
মাজুলীত ৰ' ৰ' জাহাজৰ সেৱা উদ্বোধনৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সোমোৱাল। ফটো : নৰ্থইষ্ট নাও

বৃহস্পতিবাৰে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থাত এক নৱ সংযোজন ঘটালে ৰাজ্য চৰকাৰে। মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা আজি অত্যাধুনিক ৰ’-ৰ’ জাহাজ “এম ভি ভূপেন হাজৰিকা”ৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্যৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী আৰু ৰূপান্তৰ তথা উন্নয়ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদদ্বয় প্ৰদান বৰুৱা আৰু কামাখ্যা প্ৰসাদ টাছা, টিংখঙৰ বিধায়ক বিমল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰ’-ৰ’ জাহাজখন ৰাইজৰ সেৱাত সমৰ্পণ কৰে।

পতাকা জোকাৰি ৰ’ ৰ’ জাহাজৰ সেৱা মুকলি কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ভাৰত ভূষণ দেৱচৌধুৰী, মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সঞ্চালক শ্ৰীসুৰিন্দৰ সিং আদিয়েও উদ্বোধনী  অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫ টনকৈ সামগ্ৰী পৰিবাহী ৮ খন ট্ৰাক অথবা ২৫ খন সৰু গাড়ী পাৰাপাৰ কৰাৰ বহন ক্ষমতা থকা এই ৰ’-ৰ’ জাহাজখন কমলাবাৰী-নিমাতীঘাটৰ মাজত চলাচল কৰিব।

সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মিত এই ৰ’-ৰ’ জাহাজখন দীঘলে ৪৬.৫০ মিটাৰ আৰু বহলে ১৩.৩০ মিটাৰ। জাহাজখনত এটা মূল ইঞ্জিনৰ লগতে দুটা অতিৰিক্ত ইঞ্জিনৰ ব্যৱস্থা আছে। অতি নিৰাপদ এম ভি ভূপেন হাজৰিকা ৰ’-ৰ’ জাহাজখনৰ গতিবেগ ঘণ্টাত প্ৰায় ২২ কিলোমিটাৰ (১০.৭৫ নট)।

তিনি মিটাৰ ন্যূনতম গভীৰতাৰ জলপথত চলাচল কৰিব পৰা ৰ’-ৰ’ জাহাজখন ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে কলকতাত প্ৰায় ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি মাজুলী-নিমাতীঘাটৰ মাজত চলোৱাৰ বাবে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগক অৰ্পণ কৰিছে।

Related News