NORTHEAST NOW (Assamese)
Popular Stories

ওড়িশাত ৩০ এপ্ৰিললৈ বৃদ্ধি ল’কডাউন; মুখ্য মন্ত্ৰী নবীন পাটনায়কে কৰিলে আনুষ্ঠানিক ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 1:14 pm
Lockdown upsets Barpeta's firecracker industry

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাত ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হ’ল ল’কডাউন।

ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে আজি ৰাজ্যখনত চলি থকা ল’কডাউন ৩০ এপ্ৰিললৈ বৃদ্ধি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰাৰ পাছত ওড়িশা প্ৰথম ৰাজ্য হিচাপে ইয়াক বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, ওড়িশাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান জুনৰ ১৭ তাৰিখলৈ বন্ধ থাকিব বুলিও ৰাজ্য চৰকাৰে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, দেশত প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ল’কডাউন ১৪ এপ্ৰিলত সামৰণি পৰাৰ পাছতে পুনৰ ইয়াক বৃদ্ধি কৰা হ’ব নেকি সেই সন্দৰ্ভত বিভিন্ন মহলত চৰ্চা চলি আছে।

কেন্দ্ৰৰ তৰফৰ পৰা এই সম্পৰ্কত এতিয়ালৈ কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও ৰাজ্য সমূহে নিজাববীয়াকৈ ল’কডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

ভাৰতত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই আজি ৫,৭০০ অতিক্ৰম কৰাৰ বিপৰীতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ইতিমধ্যে ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।