NORTHEAST NOW (Assamese)

বিশিষ্ট মুক্তি যুঁজাৰু ভবেন বৰাৰ বিয়োগত মুখ্য মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ

August 21, 2020 8:35 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

বিশিষ্ট মুক্তি যুঁজাৰু ভবেন বৰাৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

আজি এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত বৰাই স্বদেশ প্ৰেমৰ যি নিদৰ্শন দেখুৱাই গ’ল সেয়া ৰাজ্যৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ কাৰাবাস খাটিবলগীয়া হোৱা এইগৰাকী স্বাধীনতা যুঁজাৰুৱে স্বদেশ প্ৰেমৰ ভাৱনাৰে সকলোকে উদ্বুদ্ধ কৰি থৈ গৈছে বুলি সোণোৱালে লগতে কয়।

বিশিষ্ট মুক্তি যোদ্ধাগৰাকীয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সেই অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ উত্তৰণৰ বাবেও কাম কৰি গৈছে।

এইগৰাকী মুক্তি যুঁজাৰুৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও সোণোৱালে কয়।

মুখ্য মন্ত্ৰীয়ে প্ৰয়াত ভবেন বৰাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News