NORTHEAST NOW (Assamese)
অসম

সোণাৰিত নিৰ্বাচনী সভাত অংশলৈ চাহ শ্ৰমিকৰ প্ৰসংগৰে কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 17, 2019 6:37 pm
Chief Minister Sonowal

অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সোণাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে।

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৱনিতা সন্দিকৈৰ হৈ তিনি খন নিৰ্বাচনী সভাত অংশলৈ কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে।

সোণোৱালে সোণাৰি সমষ্টিৰ ক্ৰমে ভজো, নাফুক আৰু বেঙেনাবাৰীত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছে ৫৪ বছৰীয়া শাসন কালত অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা নাভাবিলে, চাহ জনগোষ্ঠীৰ মাতৃ-পুত্ৰৰ দুৰৱস্থাৰ কথা নাভাবিলে বুলি কঠোৰ সমালোচনা কৰে।

আনহাতে, বিজেপিৰ কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি কৰাৰ মানসিকতা নাই বুলি উল্লেখ কৰি সোণোৱালে বিজেপিয়ে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ণৰ বাবেহে ৰাজনীতি কৰে বুলি কয়।

সভাত চাহ শ্ৰমিক নেতা সন্তোষ তপ্নৰ ২৩ নবেম্বৰৰ জন্মদিনৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে অসম চৰকাৰে পালন কৰিব বুলি মুখ্য মন্ত্ৰী সোণোৱালে কয়।

মুখ্য মন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰায়ো বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ লগতে বহুকেইগৰাকী বিজেপি আৰু অগপ নেতাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

সভাত তাছাই কংগ্ৰেছক সমালোচনা কৰি চাহ শ্ৰমিক সকল কংগ্ৰেছৰ বাবে একমাত্ৰ ভোট বেংকহে বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চাহ শ্ৰমিকৰ কল্যাণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে।