NORTHEAST NOW (Assamese)

মাঘ বিহুৰ দিনাখনে নিজ গৃহ জিলাত ক’লা পতাকাৰ সন্মুখীন মুখ্য মন্ত্ৰী সোণোৱাল

January 15, 2020 5:46 pm · এন ই নাও নিউজ
ফাইল ফটো

নাগৰিকত্ব(সংশোধন)আইন বিৰোধী আন্দোলনে ৰাজ্য উত্তাল কৰি থকাৰ সময়তে আজি মাঘ বিহুৰ দিনাখনে নিজ গৃহ জিলাত C(A)A বিৰোধীৰ ক’লা পতাকাৰ সন্মুখীন হ’বলগীয়া হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মাঘ বিহু উপলক্ষ্যে নিজৰ গাঁৱলৈ বুলি যোৱাৰ সময়তে আছু কৰ্মীসকলে সোণোৱালক ক’লা পতাকা দেখুৱাই।

মুখ্য মন্ত্ৰী সোণোৱালে ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে আছু কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্য মন্ত্ৰী গ’ বেক ধ্বনি দিয়ে।

ইয়াৰ পূৰ্বেও ইংৰাজী নৱ বৰ্ষৰ পহিলা দিনটোত সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যোৱা সোণোৱাল নলবাৰীত আছু কৰ্মীসকলৰ ক’লা পতাকাৰ সন্মুখীন হৈছিল।

উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি ৰাজ্যৰ বিভিন্ন স্থানত মাঘৰ মেজিত নাগৰিকত্ব (সংশোধন) আইন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদকাৰী সকলে মেজিৰ জুইত আইনখনৰ প্ৰতিলিপি দাহ কৰি কেতিয়াও উক্ত আইনখন মানি লোৱা নহ’ব বুলি মন্তব্য কৰি ৰাজ্যৰ পৰা অপায়-অমংগল নাশ হোৱাৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰে।

Related News