NORTHEAST NOW (Assamese)
অসম

চাউথ আছিয়ান এচ’ছিয়েশ্বন ফৰ ষ্টাডি অৱ লিভাৰৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2019 9:07 am
Sarbananda Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত চাউথ আছিয়ান এচ’ছিয়েশ্বন ফৰ ষ্টাডি অৱ লিভাৰৰ সপ্তম সংখ্যক বাৰ্ষিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি কয় যে এই সন্মিলনে যকৃত সম্পৰ্কীয় নতুন চিকিৎসা পদ্ধতি আৰু নতুন প্ৰযুক্তি সম্পৰ্কে জনাৰ সুযোগ প্ৰদান কৰে।

মুখ্য মন্ত্ৰীয়ে কয় যে এই সন্মিলনত অংশ গ্ৰহণ কৰা বিশেষজ্ঞ চিকিৎসক সকলৰ মত-বিনিময় আৰু এই সম্পৰ্কীয় অভিজ্ঞতাৰ আদান-প্ৰদানে যকৃতৰ চিকিৎসাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব।

সোণোৱালে লগতে কয় যে বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ। অকল স্বাস্থ্য ক্ষেত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি প্ৰতিযোগিতাৰ সূচনা হৈছে। মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান আৰু বি বি আন দেশসমূহৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে।

‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে আছিয়ান দেশসমূহৰ লগত বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া, সংস্কৃতি, পৰ্যটন ইত্যাদি দিশ সমূহৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলক অপূৰ্ব সুযোগ প্ৰদান কৰিছে।

সোণোৱালে কয় যে প্ৰধান মন্ত্ৰীৰ এই ৰূপান্তৰমুখী চিন্তাক আমি সকলোৱে বাস্তৱত পৰিণত কৰাৰ বাবে অগ্ৰসৰ হ’ব লাগিব। ৰাজ্য চৰকাৰে আছিয়ান আৰু বি বি আন দেশসমূহৰ লগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে যাতে গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ হিচাপে পৰিগণিত কৰিব পৰা যায়।

ভূটান আৰু বাংলাদেশে ইতিমধ্যে বাণিজ্যিক দূতাবাস স্থাপন কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে দক্ষিণ পূৱ এছিয়াৰ বজাৰ সামৰি ল’ব পৰাকৈ আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। উৎসৰ্গিত মনোভাৱ, কঠোৰ শ্ৰমৰ জৰিয়তে আছিয়ান দেশসমূহত অসমে এদিন বিশেষ ৰূপত জিলিকি উঠিব পাৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

ইতিমধ্যে আমাৰ জৈৱিক কৃষি সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে বুলি উল্লেখ কৰি সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ মানচিত্ৰত ভাৰতক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰৰ অনুষ্ঠানত ডাঃ এছ পি সিং, ডাঃ ভৱদেৱ গোস্বামী প্ৰমুখ্যে দেশ আৰু বিদেশৰ বিশেষজ্ঞ চিকিৎসক সকলে অংশগ্ৰহণ কৰে।