NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলৰ ফোনযোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 8:13 pm
Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনযোগে বৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীয়ে প্ৰতিগৰাকী বিশিষ্টি ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি সাম্প্ৰতিক দুঃসময়ত তেওঁলোকৰ মনোবল অটুট ৰখাৰ দিশত প্ৰেৰণা যোগায়।

মুখ্য মন্ত্ৰীয়ে বিশিষ্ট ব্যক্তি সকলৰ খবৰ লোৱাৰ লগতে ৰঙালী বিহু তথা নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰে।

আজি টেলিফোনযোগে বাৰ্তালাপ কৰা বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল ক্ৰমে-হোমেন বৰগোহাঞি, ড০ নগেন শইকীয়া, ৰংবং তেৰাং আৰু ইমৰাণ শ্বাহ।

বড়ো সাহিত্য সভাৰ সম্পাদক কমলাকান্ত মুছাহাৰী, বিশিষ্ট সাংবাদিক ধীৰেণ চক্ৰৱৰ্তী, নিত্য বৰা, প্ৰফুল্ল গোবিন্দ বৰুৱা, হাইদৰ হুছেইন, বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী, পদ্মশ্ৰী এলি আহমেদ, বন্দিতা ফুকন, দেৱীপ্ৰসাদ বাগদিয়া আৰু বহুতো।

আনহাতে, বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, মৃণাল মিৰি, পদ্মশ্ৰী যাদৱ পায়েং, অৱনী ভাগৱতী আদিৰ দৰে ব্যক্তি সকলৰ লগতো মুখ্য মন্ত্ৰী সোণোৱালে ফোনযোগে কথা পাতি স্বাস্থ্যৰ বুজ লয়।