NORTHEAST NOW (Assamese)
অসম

শৰাইঘাট দলং মেৰামতিৰ কাম পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2019 4:35 pm
CM visit the site of saraighat bridge

গুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই হাতত লৈছিল। ৰে’লৱে বিভাগৰ মেৰামতিৰ লেহেমীয়া গতিত কামৰূপ জিলা(গ্ৰাম্যৰ) উপায়ুক্ত কমল কুমাৰ বৈশ্যই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰে’লৱেক কামৰ গতি খৰটকীয়া কৰাৰ বাবে আহ্বান জনাইছিল।

জিলা প্ৰশাসনৰ তৎপৰতাৰ পাছত মেৰামতিৰ কাম চলি থকা শৰাইঘাট দলঙৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি শৰাইঘাট দলঙত উপস্থিত হয়। সোণোৱালৰ লগত উপস্থিত থাকে প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী।

সোণোৱালে দলঙৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি বিভাগীয় দায়িত্বত থকা বিষয়া সকলক যিমান সোনকালে সম্ভৱ হয় আধৰুৱা কাম সম্পুৰ্ণ কৰি ৰাইজৰ বাবে দলঙখন মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাই।

উল্লেখযোগ্য যে, দলংখনৰ মেৰামতিৰ কাম আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ মাত্ৰ ২০ শতাংশ কামহে সম্পুৰ্ণ হৈছে। পুৰণি দলংখন বন্ধ হৈ থকাৰ বাবে নতুন দলংখনেৰে গাড়ীবোৰ অহা-যোৱা কৰিলগীয়া হোৱা বাবে প্ৰত্যেকদিনে তীব্ৰ যান-যঁতৰ সৃষ্টি হয়।

কামৰূপ জিলা (গ্ৰাম্য) উপায়ুক্তই অতি কম সংখ্যক শ্ৰমিকেৰে মেৰামতিৰ কাম চলাই থকা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত আলোচনা কৰি কাম-কাজৰ গতি তৰান্বিত কৰাৰ বাবে আৰু বিভিন্ন বিষয়ত সহযোগিতাৰ বাবে আহ্বান জনাইছিল।