NORTHEAST NOW (Assamese)
অসম

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসুচী লৈ আজি মাজুলীলৈ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল : উপস্থিত থাকিব শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ June 16, 2019 6:52 am
Assam govt departments ignore RTI applications, complaints activist

কৃ্তী ছাত্র ছাত্রীক অভিনন্দন, সতী ৰাধিকা বঁটা প্রদান কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে দেওবাৰে মাজুলীত উপস্থিত হ’বহি ৰাজ্যৰ মুখ্য মন্ত্রী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল।

দেওবাৰে বিশেষ হেলিকপ্তাৰেৰে মাজুলীত দুপৰিীয়া ১২ বজাত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা অনুসুচীত জাতি সমাৰোহ তথা সতী শান্তি ৰাধিকা দিবস উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশ ল’ব।

ইয়াৰ পিছতে মাজুলী ক্রীড়াক্ষেত্র কমলাবাৰীত কৃ্তী ছাত্র-ছাত্রী সকলক সম্বৰ্দ্ধনা জনোৱা এটি অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে সন্ধিয়া উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বিভিন্ন বিভাগৰ জড়িয়তে মাজুলীত চলি থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল’ব।

আনহাতে, নিশাটো মাজুলীতে কটাই মুখ্য মন্ত্রী গৰাকীয়ে ১৭ জুনৰ পুৱা মাজুলীৰ পৰা ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, ছাত্র-ছাত্রী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যইয়ো আজি দিনৰ ১২ বজাত কমলাবাৰী পাৰ ঘাটেৰে মাজুলীত উপস্থিত হ’ব।

শিক্ষা মন্ত্রীগৰাকীয়ে প্রথমেই শিক্ষা বিভাগৰ বিভিন্ন বিষয়া বৰ্গৰে এখনি পৰ্যালোচনা সভাত অংশ লৈ সম্বৰ্দ্ধনা অনুষ্ঠানত ভাগ ল’ব আৰু বিয়লি মাজুলীৰ পৰা ৰাওনা হ’ব।