NORTHEAST NOW (Assamese)
অসম

বিগ বিৰ ৭৭ সংখ্যক জন্মদিনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2019 3:55 pm
amitabh Bachan

দেশবাসীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শুকুৰবাৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ পিতমহ স্বৰূপ অমিতাভ বচ্চনৰ ৭৭ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে চলচ্চিত্ৰ জগতত বিশিষ্ট অভিনেতাগৰাকীয়ে পঞ্চাশতকৈ অধিক বছৰৰ পাৰ কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো চলচ্চিত্ৰ প্ৰেমীসকলক তেওঁৰ সুন্দৰ অভিনয়ে মুগ্ধ কৰি যাব বুলি মত ব্যক্ত কৰে।

সোণোৱালে টুইটাৰ যোগে অমিতাভ বচ্চনক শুভেচ্ছা জ্ঞাপন কৰি অভিনেতাগৰাকীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায়।

উল্লেখযোগ্য যে, অলপতে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অমিতাভ বচ্চনৰ নাম দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

আনহাতে, জন্মদিন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অমিতাভ বচ্চনে তেওঁ এতিয়াও ভাল কাম কৰি যাব পৰাকৈ নিৰোগী আৰু স্বাস্থ্যবান হৈ আছে বুলি উল্লেখ কৰে।

তদুপৰি, পিতৃ হৰিবংশ ৰায় বচ্চনে লৰালি কালত তেওঁৰ জন্মদিনৰ সময়ত কবিতা পাঠ কৰি জন্মদিনৰ ওলগ জনাইছিল বুলিও অমিতাভে কয়।