NORTHEAST NOW (Assamese)
অসম

উৎপাদন আৰু বজাৰ ব্যৱস্থা শক্তিশালীকৰণৰ বাবে ৰাজ্যত ১০০ টা ফাৰ্মাছ প্ৰডিউচাৰ কোম্পানী গঠন  কৰিবলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 7:15 pm

অসমৰ কৃষকসকলৰ বাবে প্ৰয়োজনীয় বীজ ৰাজ্যখনতে উৎপাদন কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম বীজ নিগমক নিৰ্দেশ দিয়ে।

কৃষকসকলে যাতে প্ৰমাণিকৃত বীজ লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে প্ৰতিখন জিলাত কমেও এখনকৈ বীজ বিপণন কেন্দ্ৰ গঢ়ি তোলাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজি খানাপাৰাস্থিত কৃষি ভৱনত কৃষি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে, কৃষি যান্ত্ৰিকীকৰণ ব্যৱস্থা শক্তিশালী কৰি আমাৰ যুৱ প্ৰজন্মক কৃষিক এক মৰ্যাদা সম্পন্ন বৃত্তি হিচাপে গ্ৰহণ কৰাৰ বাবে উদগণি যোগাব লাগিব।

মুখ্য মন্ত্ৰীয়ে কৃষি উৎপাদন, সংগ্ৰহ, দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্যৱস্থাৰ সৈতে সংযোগীকৰণৰ লক্ষ্যৰে ৰাজ্যখনত ১০০ টা ফাৰ্মাছ প্ৰডিউচাৰ কোম্পানী গঠন কৰিবলৈ অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ সঞ্চালকক নিৰ্দেশ দিয়ে।

আত্মনিৰ্ভৰ অসমৰ লক্ষ্য বাস্তৱায়িত কৰিব লাগিলে যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি অধিক উৎসাহিত কৰি তুলিব লাগিব আৰু ইয়াৰ বাবে বিজ্ঞানসন্মত কৃষি পদ্ধতি অধিক জনপ্ৰিয় কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে, এই প্ৰতিটো কোম্পানীত ৫০০ গৰাকীকৈ লোকক জড়িত কৰা হ’ব বুলিও সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোটাকৈ কম্বাইন হাৰ্ভেষ্টৰ যোগান ধৰাৰ বাবে কৃষি বিভাগক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এই যন্ত্ৰটোৰ জৰিয়তে প্ৰতিঘণ্টাত তিনি বিঘা শস্য চপোৱাৰ উপৰি চপোৱা শস্যৰ মৰণা মাৰিব পৰা যাব।

আনহাতে, উদ্যান শস্য বিভাগৰ সঞ্চালকগৰাকীয়ে মুখ্য মন্ত্ৰীক ল’কডাউনৰ ৭০ দিনত ৰাজ্যখনে স্থানীয় চাহিদা পূৰণ কৰাৰ উপৰি অন্য ৰাজ্যলৈও কৃষিজাত সামগ্ৰী তথা শাক-পাচলি ৰপ্তানি কৰি সৰ্বমুঠ ৩৫৭ কোটি টকা অৰ্জন  কৰিবলৈ সক্ষম হৈছে।

আজিৰ বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিৱ সঞ্জয় লোহিয়া উপস্থিত থাকে।