NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে ৰাওনা হোৱাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 8:03 pm
Story-2-1140x570

বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে হোৱা কথা-বতৰাৰ পিছতে পৰিস্থিতিৰ চৰজমিন বুজ ল’বলৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক তাৎক্ষণিকভাৱে বাঘজনালৈ ৰাওনা হোৱাৰ নিৰ্দেশ দিয়ে।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে আজি আবেলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়া আৰু ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মত-বিনিময় কৰি পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰে।

এই পৰ্যালোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে অগ্নিকাণ্ডৰ ফলত সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাসবাস কৰা জনসাধাৰণৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ দিশত উদ্বিগ্নতা প্ৰকাশ কৰি অগ্নিনিৰ্বাপনৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহ্বান জনায়।

ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী সোণোৱালক কয় যে এই অগ্নিনিৰ্বাপনৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা তথা প্ৰযুক্তিগত পদক্ষেপ সন্মিলিতভাৱে লোৱা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে এই জৰুৰীকালীন সময়ৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীকো সাজু কৰি ৰখা হৈছে।

সোণোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো টেলিফোনযোগে এই ঘটনা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে।