মাজুলী কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল
মাজুলী কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ, যশস্বী পণ্ডিত ড০ নাৰায়ন চন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ উপলক্ষে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত আয়োজন কৰা ‘একাঁজলী শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ড০ নাৰায়ন চন্দ্ৰ গোস্বামীৰ সাহিত্য, আধ্যাত্মিক, সাংস্কৃতিক সৃষ্টিৰাজি ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব।
এইগৰাকী বিশিষ্ট সাহিত্যিকৰ জীৱন দৰ্শন গভীৰভাৱে অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলিও সোণোৱালে লগতে কয়।
মুখ্য মন্ত্ৰীয়ে লগতে কয় যে,প্ৰয়াত গোস্বামীয়ে আমাৰ সাহিত্য আৰু আধ্যাত্মিক জীৱনধাৰালৈ যি উল্লেখযোগ্য অৱদান আগবঢ়াই গ’ল, সেই আদৰ্শৰে সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰত দৃঢ়তাৰে প্ৰতিফলিত কৰি নতুন প্ৰজন্মক উৎসাহ উদ্দীপনা যোগাব লাগিব।
প্ৰয়াত সত্ৰাধিকাৰ, যশস্বী পণ্ডিত ড০ নাৰায়ন চন্দ্ৰ গোস্বামী আছিল অসমৰ আধ্যাত্মিক, সামাজিক, বৌদ্ধিকভাৱে সৱল কৰি জাতীয় জীৱনক মহীয়ান কৰি যোৱা এগৰাকী মহান ব্যক্তিত্ব।
এইগৰাকী সত্ৰাধিকাৰে দেখুৱাই থৈ যোৱা আধ্যাত্মিক, সাংস্কৃতিক, বৌদ্ধিক পথেৰে আমাৰ নৱপ্ৰজন্মই আগবাঢ়ি জাতিটোক অতি শক্তিশালী কৰাৰ দিশত আত্মনিয়োগ কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।