NORTHEAST NOW (Assamese)
অসম

বান প্ৰভাৱিত নলবাৰী আৰু বৰপেটা জিলা পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2019 7:22 pm
CM visit flood effected Nalbari and Barpeta District

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বান প্ৰভাৱিত নলবাৰী আৰু বৰপেটা জিলা পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিৱিৰত থকা বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ অভাৱ-অভিযোগৰ বুজ লয়।

মুখ্য মন্ত্ৰী সোণোৱালে নলবাৰী জিলাত উপস্থিত হৈ প্ৰথমতে পাগলাদিয়া নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা সৰিয়হতলী গাঁৱৰ ৰাইজে আশ্ৰয় লৈ থকা বাল ভৱন বিদ্যাপীঠ হাইস্কুল আশ্ৰয় শিৱিৰত উপস্থিত হৈ বানাক্ৰান্ত সকলৰ দুখ-দুৰ্দশাৰ বুজ লয়।

সোণোৱাৱে আশ্ৰয় শিৱিৰত থকা ৭৫ টা পৰিয়ালৰ মুঠ ২৫৪ গৰাকী লোকৰ লগত মত-বিনিময় কৰি প্রশাসনৰ তৰফৰ পৰা আগবঢ়োৱা সা-সাহায্যৰ বুজ লয়।

ইয়াৰ পাছতে সোণোৱালে জিলাখনৰ শোলমাৰা বজাৰ পৰিচালনা সমিতিৰ চৌহদত স্থাপন কৰা আশ্ৰয় শিৱিৰো পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ সৈতে মত বিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সাহায্য প্ৰদান কৰি থকা হ’ব বুলি কয়।

নলবাৰী জিলাৰ পাছতে সোণোৱালে বৰপেটা জিলাৰ সৰ্থেবাৰীত উপস্থিত হৈ ৰাজহ চক্ৰটোৰ অন্তৰ্গত বিভিন্ন  অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্য মন্ত্ৰীয়ে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি চৰকাৰী বিভাগ সমূহৰ মুৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত সকলক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

কোনো কাৰণতে যাতে বানপীড়িত লোকসকল অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তথা আশ্ৰয়, খাদ্য আৰু চিকিৎসা সেৱা যাতে উপযুক্ত ভাবে লাভ কৰে সেয়া নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

সোণোৱালে তাৰোপৰি জিলাখনৰ মাথাউৰি সমূহ সুৰক্ষিত কৰি ৰখাৰ দিশত জলসম্পদ বিভাগক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু বানপীড়িত জনসাধাৰণক উদ্ধাৰৰ বাবে পৰ্যাপ্ত পৰিমাণে নাঁও মজুত কৰি ৰখাৰ উপৰিও এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ জিলাদুখনত বান পৰিস্থিতি পৰিদৰ্শন কালত মন্ত্ৰী ভবেশ কলিতা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক অশোক শৰ্মা, নাৰায়ন ডেকা, মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু জিলা দুখনৰ উপায়ুক্ত দুগৰাকী উপস্থিত থাকে।