NORTHEAST NOW (Assamese)
অসম

শ্বহীদ নিৰোদ শৰ্মা আৰু সুনীল কলিতাৰ বাসগৃহত মুখ্য মন্ত্ৰী সোণোৱাল; প্ৰদান কৰিলে ২০ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2019 6:23 pm
sonowal visit martyre home

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমমত নিহত হোৱা চি আৰ পি এফ সহকাৰী উপপৰিদৰ্শক নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে বীৰ শ্বহীদ গৰাকীৰ মহান ত্যাগে অসম তথা দেশবাসীক গৌৰৱাম্বিত কৰিছে বুলি উল্লেখ কৰি তেওঁৰ ত্যাগ অথলে নাযায় বুলি মন্তব্য কৰে।

সোণোৱালে অনুষ্ঠানত শ্বহীদ গৰাকীৰ জীৱন আৰু কৃতি আলোকপাত কৰি প্ৰকাশ কৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে শ্বহীদ গৰাকীৰ পত্নীৰ হাতত ২০ লাখ টকাৰ আৰ্থিক অনুদানৰ এখন চেক প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আমিত শ্বাহে প্ৰদান কৰা এটা শোক বাৰ্তাও প্ৰদান কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক আঙুৰলতা ডেকা, ঋতুপৰ্ণ বৰুৱা, অশোক শৰ্মা, মনেশ্বৰ ব্ৰহ্ম আদি উপস্থিত থাকে।

আনহাতে, নলবাৰীৰ পাছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ডিমুৰ শ্বহীদ সুনীল কলিতাৰ গৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উপৰিও শ্বহীদ গৰাকীৰ পত্নীৰ হাতত ২০ লাখ টকাৰ আৰ্থিক অনুদানৰ চেকৰ উপৰিও অমিত শ্বাহে প্ৰেৰণ কৰা সোক বাৰ্তাও অৰ্পন কৰে।