NORTHEAST NOW (Assamese)
অসম

এ ডি পি মহাবিদ্যালয়ৰ ‘হীৰক জয়ন্তী’ সমাৰোহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল

Posted by: মিণ্টু দাস August 24, 2018 11:29 am
ADP college

নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ অহা ৭ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। বহস্পতিবাৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী সমাৰোহৰ সম্পাদক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে এক সংবাদ মেলৰ জৰিয়তে চাৰিদিনীয়া কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি  ৭ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ সহজানন্দ ওজাই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে হীৰক জয়ন্তী সমাৰোহৰ সমূহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতে  মহাবিদ্যালয়ৰ লগত জৰিত হৈ থকা ৬০ গৰাকী বিশিষ্ট ব্যক্তিয়ে হীৰক জয়ন্তী উপলক্ষে ৬০ খন পতাকা উত্তোলন কৰিব।

ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ড° কুলধৰ শইকীয়াই আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পিছত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ৰং বং টেৰাঙে গ্ৰন্থ-আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰিব।

এই অনুষ্ঠানৰ পিছতে মুকলি সভা অনুষ্ঠিত হ’ব। এই মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই, ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

ইয়াৰ পিছত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা, সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন-আলোকসজ্জা অনুষ্ঠান অনুষ্ঠিত হ’ব। সেইদৰে ৮ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব। দিনৰ ১২ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া গুৰু-শিষ্যৰ মিলন সমাৰোহ উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প ডেকাই।

আবেলি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হ’ব। এই অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ পীয়ুষ হাজৰিকাই। ইয়াৰ পিছত অনুষ্ঠিত হ’ব প্ৰাক্তন শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্ঠান। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই এই অনুষ্ঠান মুকলি কৰিব।

ঠিক সেইদৰে ৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ”নাগৰিক পঞ্জীয়েই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ উপায়” শীৰ্ষক সদৌ অসম ভিত্তিত শুকদেৱ গোস্বামী স্মাৰক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদ্বোধন কৰিব লগীয়া তৰ্ক প্ৰতিযোগিতাখনৰ অধ্যক্ষৰ আসন শুৱনি কৰিব কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীয়ে।

ইয়াৰ পিছতে  ছাত্ৰ-ছাত্ৰীৰদ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে, ১০ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব নৱাগত আদৰণি অনুষ্ঠান। অসম লোক সেৱা আয়োগৰ অধ্যক্ষ দীপক শৰ্মাই উদ্বোধন কৰিবলগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

আনহাতে, বিয়লি ৩ বজাত শেষৰ তথা মুখ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰিব লগা এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী হিচাপে জুবিন গাৰ্গ উপস্থিত থাকিব। এই সংবাদ মেলৰ জৰিয়তে অধ্যক্ষ ড° ভাগৱতীয়ে সমাৰোহৰ সকলো অনুষ্ঠানতে  ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে। এই সংবাদ মেলত অধ্যক্ষক সহযোগ কৰে অধ্যাপকদ্বয় ড° সঞ্জীৱ কুমাৰ বৰকাকতী আৰু ড° সদানন্দ পায়েঙে।