NORTHEAST NOW (Assamese)

৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা

September 30, 2019 8:49 am · ভাৰ্গব হাজৰিকা

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ৪ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নগাঁও পুৰণিগুদামৰ মাধৱ কন্দলি ক্ষেত্ৰত ‘পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা’ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ অহা তথা ১৯৯৬ চনতে আৰম্ভ হোৱা অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলা হিচাপে প্ৰতিষ্ঠা লাভ কৰা গ্ৰন্থমেলাখনে এইবাৰ চতুৰ্বিংশতিতম বৰ্ষত পদাৰ্পন কৰিব।

বিভিন্ন কাৰ্যসুচীৰে আয়োজন কৰিবলৈ লোৱা গ্ৰন্থমেলাখন সুকলমে পৰিচালনাৰ বাবে কালি অৰ্থাৎ দেওবাৰে প্ৰাক্তন ছাত্ৰ নেতা মনিমাধৱ মহন্তক সভাপতি, দিগন্ত ভূঞাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয়।

৫ দিনীয়া অনুষ্ঠানতিত আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি সংগীতানুষ্ঠান, কবিতা পাঠ, চিত্ৰাংকন প্ৰতিযোগিতা, লোকবাদ্য আৰু লোকনৃত্য অনুষ্ঠানকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি গ্ৰন্থমেলাখনত স্মৃতি গ্ৰন্থ “শেৱালি” উন্মোচন কৰা হ’ব। এই উদ্দেশ্যে মণিমাধৱ মহন্তক সভাপতি হিচাপে লৈ ষড়াণন বৰা আৰু ভাৰ্গব হাজৰিকাৰ সম্পাদনাত পুৰণিগুদাম প্ৰেছ ক্লাবৰ আহ্বানত গঠন হোৱা স্মৃতি গ্ৰন্থ প্ৰকাশক কমিটিয়ে অন্তিম প্ৰস্তুতি চলাই আছে।

Related News