NORTHEAST NOW (Assamese)
জীৱনশৈলী

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2026 7:05 am

হাৰ্ট এটাক বা হৃদৰোগৰ নাম শুনিলেই সাধাৰণতে আমাৰ চকুৰ সন্মুখত বয়োজ্যেষ্ঠ বা বয়সিয়াল মানুহৰ ছবি এখন ভাঁহি উঠে। কিন্তু চিকিৎসকসকলৰ মতে, শিশুসকলৰ ক্ষেত্ৰতো গুৰুতৰ হৃদৰোগৰ সমস্যাই দেখা দিব পাৰে। শিশুৰ ক্ষেত্ৰত হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা অতি কম হ’লেও কিছুমান এনে লক্ষণ আছে যিবোৰক কেতিয়াও অৱহেলা কৰা উচিত নহয়। সময়মতে এই লক্ষণসমূহ ধৰা পেলাব পাৰিলে এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পাব পৰা যায়।

অধিকংশ সময়তে শিশুৱে মাজে মাজে বুকুত বিষ হোৱাৰ কথা ক’লে বহু অভিভাৱকে তাক সিমান গুৰুত্ব নিদিয়ে। কিন্তু শিশুটিয়ে যদি বাৰে বাৰে বুকুৰ সোঁমাজত চাপ, বিষ বা অস্বস্তি অনুভৱ কৰে, বিশেষকৈ খেলা-ধূলা কৰাৰ সময়ত বা দৌৰি থকা অৱস্থাত, তেন্তে এই বিষয়টোক অতি গুৰুত্ব সহকাৰে লোৱা উচিত। অৱশ্যে সকলো বুকুৰ বিষেই হৃদৰোগৰ বাবে নহ’বও পাৰে, কিন্তু বাৰে বাৰে এনে হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

আন শিশুৱে যেতিয়া স্বাভাৱিকভাৱে খেলা-ধূলা কৰি থাকে, তেনে সময়ত যদি কোনোবা এটা শিশুৱে অলপ দৌৰা-দৌৰি কৰিয়েই হাঁপায় বা উশাহ লওঁতে কষ্ট পায়, তেন্তে সেয়া এক সতৰ্কবাণী হ’ব পাৰে।

বহু সময়ত হৃদযন্ত্ৰই ঠিকমতে কাম নকৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপায় আৰু ইয়াৰ ফলতেই উশাহ-নিশাহ লোৱাত কষ্ট হয়। শিশুসকল সাধাৰণতে চঞ্চল আৰু প্ৰাণৱন্ত হয়, কিন্তু যদি কোনো শিশু সদায় ভাগৰুৱা হৈ থাকে, খেলা-ধূলা কৰিব নিবিচাৰে বা অলপ পৰিশ্ৰমতে ক্লান্ত হৈ পৰে, তেন্তে তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰোৱাটো দৰকাৰ। হৃদযন্ত্ৰৰ সমস্যা থাকিলে শৰীৰত সঠিকভাৱে তেজ আৰু অক্সিজেন নোযোৱাৰ বাবে এনে ভাগৰ লাগিব পাৰে।

খেলপথাৰত, স্কুলত বা ঘৰত হঠাতে মূৰ ঘূৰোৱা বা অজ্ঞান হৈ পৰা কাৰ্যক কেতিয়াও পাতলকৈ ল’ব নালাগে। বিশেষকৈ কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে এনে হ’লে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে, কাৰণ বহু ক্ষেত্ৰত হৃদস্পন্দনৰ খেলিমেলি ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও শিশুৱে যদি বুকু ধপধপোৱা বা হৃদস্পন্দন খুবেই দ্ৰুত হোৱাৰ কথা কয়, তেন্তে সেইটোত মনোযোগ দিয়া দৰকাৰ, কিয়নো অনিয়মিত হৃদস্পন্দনে গুৰুতৰ হৃদৰোগৰ ইংগিত দিয়ে।

শিশুৰ ক্ষেত্ৰত হৃদৰোগ হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল জন্মগত হৃদযন্ত্ৰৰ ত্ৰুটি। ইয়াৰ উপৰিও বংশগত বা জিনগত সমস্যা, ভাইৰাছৰ সংক্ৰমণ, হৃদযন্ত্ৰৰ মাংসপেশীৰ ৰোগ বা তেজৰ নলীৰ কিছুমান জটিলতাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে। শিশুৰ শৰীৰত এই লক্ষণসমূহ বাৰে বাৰে দেখা দিলে পলম নকৰি শিশু হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক। নিয়মীয়া স্বাস্থ্য পৰীক্ষা, পুষ্টিকৰ খাদ্য আৰু সক্ৰিয় জীৱনশৈলীয়ে শিশুৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। মনত ৰাখিব যে শিশুৰ ক্ষেত্ৰত হাৰ্ট এটাক অতি বিৰল, কিন্তু হৃদৰোগৰ লক্ষণ আগতীয়াকৈ দেখা দিয়ে, গতিকে সন্তানৰ শৰীৰত কোনো অস্বাভাৱিক পৰিৱৰ্তন দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।