NORTHEAST NOW (Assamese)
অসম

আজি শিশু দিৱস : শিৱসাগৰৰ কৌমুদালয়ত শিশু দিৱস উদযাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 14, 2020 4:50 pm
20201114_155352

সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰতো শিশু দিৱস পালন কৰা হয়।

শিৱসাগৰৰ ৰংঘৰ চাৰি আলিস্থিত বিশেষভাৱে সক্ষম তথা অনাথ শিশু গৃহ কুমুদালয়ত শিশু দিৱস পালন কৰা হয়।

ক’ৰণাৰ মহামাৰীৰ বাবে আজি কৌমুদালয়ত অনুষ্টিপীয়াকৈ শিশু দিৱস পালন কৰা হয়।

পুৱা বন্তি প্ৰজ্বলন কৰি আৰম্ভ হোৱা এই শিশু দিৱস অনুষ্ঠানত কৌমুদালয়ত থকা বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত চিত্ৰাংকণ, কুইজ, কবিতা প্ৰতিযোগিতাৰ লগতে নৃত্য গীত অভিনয়ৰ জৰিয়তে শিশুসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহেৰুৰ জন্মদিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়।

কৌমুদালয়ৰ শিশুসকলে কেক কাটি শিশু দিৱস উদযাপন কৰে।

ইপিনে কৌমুদালয়ৰ শিশুসকলে এক সপ্তাহ ধৰি দেৱালী বাবে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটি চাকি।

বিভিন্নজনে এই চাকিসমুহ ক্ৰয় কৰাত আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছে শিশুসকল।