NORTHEAST NOW (Assamese)

‘পুতলা-পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’ শীৰ্ষক শিশু গ্ৰন্থমেলাত কবিতা পাঠ

October 19, 2018 4:43 pm · মিণ্টু দাস

‘পুতলা-পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’ শীৰ্ষক বাণীৰে ১৯৯৬ চনৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ হোৱা অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলা শাৰদীয় শিশু গ্ৰন্থমেলা এইবাৰো পুৰণিগুদাম প্ৰেছ ক্লাবে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছে।

পুৰণিগুদামৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা শিশু গ্ৰন্থমেলাৰ আজি অন্তিম দিনাৰ দিনৰ ভাগত সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়।

বিশিষ্ট কবি তথা নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে উদ্বোধন কৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিশিষ্ট কবি এল প্ৰদীপ কুমাৰ সিংহই। বিশিষ্ট কবি-সাহিত্যিক-অনুবাদক পৰাণ কুমাৰ বৰুৱাই পৰ্যালোচনা কৰা কবিতা পাঠৰ অনুষ্ঠানটোত অৰ্দ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰাৰ উপৰি লিমাৰিক আৰু আবৃত্তি কৰে।

এই কবিসকলৰ ভিতৰত তুলিকা দেৱী, হাচিনা মমতাজ, প্ৰবীন চন্দ্ৰ নাথ, মলয় লফং, মহানন্দ চুতীয়া, কৈলাস কুমাৰ ৰাজখোৱা, মিণ্টু দাস, দিপ্তী বৰা, প্ৰদীপ কুমাৰ শইকীয়া, প্ৰতিক্ষা দেউৰী, বিকাশ হাজৰিকাকে ধৰি আৰু কেইবাজনেও কবিতা পাঠ কৰাৰ লগতে ডিম্বেশ্বৰ ডেকাই অংকীয়া ভাওনাৰ কিছু পংক্তি আওৰাই।

নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানটোত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।

Related News