NORTHEAST NOW (Assamese)
অসম

টীয়কত স্বেচ্ছাসেৱী অনুষ্ঠান ৰেঙণিৰ উদ্যোগত ব্যতিক্ৰমীভাৱে শিশু দিৱস উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 14, 2020 6:09 pm
IMG-20201114-WA0032

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি ১৪ নৱেম্বৰৰ শিশু দিৱস যোৰহাট জিলাৰ টীয়কৰ চিন্তামণিগড়ত ‘ৰেঙণি’ এটি আশা’ৰ উদ্যোগত ব্যতিক্ৰমীভাৱে উদযাপন কৰা হয়।

শিশু দিৱস উপলক্ষে ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মা আৰু সদস্য তথা কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমায়ে চিন্তামণিগড় খাটোৱাল গাঁৱৰ শিক্ষক প্ৰদীপ ৰাজখোৱাৰ বাসগৃহত উপস্থিত হৈ চুবুৰীটোৰ শিশুসকলক সমবেত কৰি একোটিকৈ উপহাৰেৰে শিশু দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে শিশুসকলৰ দ্বাৰা একোটিকৈ গছপুলি ৰোপন কৰায়।

অনুষ্ঠানতে ছাত্ৰী পঞ্চী ৰাজখোৱাই নিজৰ প্ৰকাশিত কবিতা পুথি ‘অকণি কবিতা’ৰ  ‘শিশু দিৱস’ নামৰ কবিতাটো পাঠ কৰাৰ লগতে পুথিখনি উপস্থিত কৰ্মকৰ্তাসকলক প্ৰদান কৰে।

উল্লেখযোগ্য যে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ লগতে সেউজ আৰু শব্দহীন দেৱালীৰ বিষয়ে সজাগ আৰু সচেতনতাৰ জৰিয়তে আতচবাজীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।