NORTHEAST NOW (Assamese)

বোকাখাতত বানে উটাই নিয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

July 23, 2020 7:36 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

বোকাখাতৰ মৰিয়াহোলাত যোৱা ২১ জুলাইত বানে উটুৱাই নিয়া ৭ বছৰীয়া শিশু সঞ্জীতা চুব্বাৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়।

যোৱা ২১ জুলাইৰ দিনৰ এক মান বজাত হঠাতে নিৰুদ্দেশ হৈছিল সঞ্জীতা চুব্বা নামৰ শিশুটি। সন্মান চুব্বা নামৰ লোকজনৰ কন্যা সঞ্জীতাক চ’গুৰি সংযোগী পথৰ ওপৰেদি প্ৰবাহিত প্ৰৱল সোঁতত উটি যোৱাৰ আশংকা কৰি শিশুটিৰ উদ্ধাৰৰ বাবে এন ডি আৰ এফ, এচ ডি আৰ এফ, বোকাখাত আৰক্ষীয়ে দুটা দিন অবিৰত চেষ্টা চলায়ো সন্ধান পোৱা নাছিল।

২১ জুলাইত সোঁত বৈ থকা ঠাইৰ মাটিত শিশুটিৰ এপাত চেন্দেল আৰু এখন বস্ত্ৰ পোৱা গৈছিল।

আৰু ২২ জুলাইত সেই স্থানৰ পৰা কিছু নিলগত শিশুটিয়ে ব্যৱহাৰ কৰা আনপাত চেন্দেল পোৱা গৈছিল।

যোৱা তিনিটা দিন সন্ধান কৰাৰ অন্তত উদ্ধাৰকাৰী দলে অৱশেষত আজি ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ পশ্চিমে শিশুটিৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

৭ বছৰীয়া সঞ্জীতা চুব্বা নিৰুদ্দেশ হোৱাৰ ঘটনাই পিতৃ-মাতৃ, পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক যোৱা তিনিটা দিন শ্বাসৰুদ্ধ কৰি ৰাখিছিল।

শিশুটিৰ মৃতদেহ উদ্ধাৰে সমগ্ৰ অঞ্চলকে শোকস্তব্ধ কৰি তুলিছে।

Related News