NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৰ্মান্তিক! হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2024 8:12 am
মৰ্মান্তিক! হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ

লেতিন আমেৰিকান দেশ চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰা আৰু নাই। মঙলবাৰে সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। 

চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত মঙলবাৰে বিয়লি দেশখনৰ দক্ষিণ অংশত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিনেৰাৰ মৃত্যু ঘটে । মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ বয়স আছিল ৭৪ বছৰ ৷

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খনত ৪ জনকৈ যাত্ৰী আছিল। ইয়াৰে তিনিজন গুৰুতৰভাবে আহত হয়।

চিলিৰ গৃহ দপ্তৰৰ মন্ত্ৰী কেৰ’লিনা টোহাই কয় যে উদ্ধাৰকাৰী দলে ঘটৱনাস্থলীত পিনেৰাৰ মৃতদেহ উদ্ধাৰ কৰিছে। 

জননেতা পিনেৰাৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক পালনৰ বাবে যোজা চলাইছে চিলিৰ চৰকাৰে ।