NORTHEAST NOW (Assamese)

পুনৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক সমৰ্থন চীনৰ! পাঁচজন উগ্ৰপন্থীক ‘আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী’ ঘোষণাত বাধা

May 27, 2025 1:47 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 27, 2025 1:52 pm

ৰাষ্ট্ৰসংঘত পুনৰবাৰ পাকিস্তানৰ সমৰ্থক হৈ পৰিছে চীন। চীনৰ আপত্তিৰ বাবে পুনৰ স্থবিৰ হৈ পৰে ৫ উগ্ৰপন্থীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ প্ৰস্তাৱ। এই প্ৰস্তাৱৰ বিৰুদ্ধে চীনে  ভেটো ক্ষমতা ব্যৱহাৰ কৰি উগ্ৰপন্থীসকলক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰাত বাধা প্ৰদান কৰে।

পেহেলগাম আক্ৰমণৰ পিছত শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত লস্কৰৰ উগ্ৰপন্থী আব্দুল ৰাউফ আছঘৰ, চাজিদ মিৰ, আব্দুৰ ৰহমান মক্কি, তালহা ছাইদ, আৰু শ্বাহিদ মেহমুদ ৰহমাতুল্লাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল। কিন্তু চীনে এই প্ৰস্তাৱ দাখিল কৰাৰ লগে লগে ভেটো প্ৰয়োগ কৰে।

পাকিস্তানৰ সৈতে থকা বন্ধুত্বৰ বাবেই চীনে নিজৰ কৌশলগত স্বাৰ্থ ৰক্ষাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে। এই পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় সমাজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। কাৰণ সন্ত্ৰাসবাদৰ দৰে এক গুৰুতৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। এই চীনৰ এনে কাৰ্যকলাপে  স্বাভাৱিকতে দেশখনৰ মানসিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।

এই ঘটনা ভাৰতৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো চীনে প্ৰায়ে পাকিস্তানৰ প্ৰতি সহানুভূতিশীল স্থিতি গ্ৰহণ কৰি অহিছে, যিটো ভাৰতৰ বাবে চিন্তাৰ কাৰণ। এই ঘটনাৰ পিছতে ভাৰতে চীনক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে চীনে প্ৰথমবাৰৰ বাবে এনে কৰিছে তেনে নহয়। কিয়নো চীনে বিশেষকৈ পাকিস্তানৰ সৈতে জড়িত গোচৰত ভাৰতে উগ্ৰপন্থীক ‘আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী’ বুলি ঘোষণা কৰাৰ প্ৰস্তাৱৰ সদায় বিৰোধিতা কৰি আহিছে।

ইয়াৰ পূৰ্বে যেতিয়া ভাৰত আৰু আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত লস্কৰ-ই-তৈবাৰ নেতা শ্বাহিদ মাহমুদক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাৰ প্ৰস্তাৱ দিছিল, তেতিয়া চীনে ইয়াক বাধা দিছিল। একেদৰে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱো চীনৰ বাধাৰ বাবে জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও পিছত ইয়াক অনুমোদন জনোৱা হৈছিল।

Related News