NORTHEAST NOW (Assamese)
অসম

চীনে ভাৰত সীমান্তত ৬০,০০০ কৈ অধিক সৈন্য মোতায়ন কৰিছে : মাইক পম্পেয়ো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 1:52 pm

ভাৰতৰ উত্তৰ প্ৰান্তৰ সীমান্তত চীনে ৬০,০০০ কৈ অধিক সেনা মোতায়ন কৰিছে বুলি শুকুৰবাৰে উল্লেখ কৰিছে য়ু এছ চেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পেয়োই।

”ভাৰতীয় সৈন্য বাহিনীয়ে……হিমালয়ত চীনা সৈন্যৰ সৈতে শাৰীৰিক সংঘাটৰ সন্মুখিন হৈছে,” মাইক পম্পেয়োই লগতে কয়।

টকিঅ’ত অনুষ্ঠিত হোৱা কোৱাড মিলিটাৰী গ্ৰুপৰ বৈঠকত ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ সহযোগীৰ উপস্থিতিত মাইক পম্পেয়োই এইদৰে মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত মাৰ্চ মাহৰ পৰা লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘাত অব্যাহত আছে।

ভাৰত আৰু চীন দুয়োদেশৰ সৈন্য বাহিনীয়ে সীমান্তত সমৰ সজ্জা অব্যাহত ৰখাৰ সমান্তৰালভাৱে কুটনৈতিক স্তৰতো আলোচনা অব্যাহত ৰাখিছে।

এই সময়ছোৱাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ লগতে ভাৰতীয় সেনা বাহিনীৰ প্ৰধান নাৰাৱনে ভাৰতীয় সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে লাডাখ ভ্ৰমণ কৰে।