NORTHEAST NOW (Assamese)

আমেৰিকাৰ সৈতে যিকোনো যুদ্ধৰ বাবে সাজু চীন

March 6, 2025 9:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 6, 2025 9:19 am

চীনৰ সামগ্ৰীৰ ওপৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন বাণিজ্যিক শুল্ক আৰোপ কৰাৰ পিছতে আমেৰিকাক সকীয়াই দিছে যে চীন যিকোনো ধৰণৰ যুদ্ধৰ বাবে সাজু। ড’নাল্ড ট্ৰাম্পে নতুন বাণিজ্যিক শুল্ক আৰোপ কৰাৰ পাছতে চীনেও আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰে।

এক বিবৃতিত চীনৰ দূতাবাসে কয় যে যদি আমেৰিকাই যুদ্ধ বিচাৰে – সেয়া শুল্ক যুদ্ধ হওক বা আন কিবা – তেন্তে চীন শেষলৈকে যুঁজিবলৈ সাজু। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত চীনে এই কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল।  

চীনৰ প্রিমিয়াৰ(প্ৰধানমন্ত্ৰী) লি কেকিয়াঙে ঘোষণা কৰিছে যে চীনে এইবাৰ ৭.২% প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিব। তেওঁ লগতে উল্লেখ কৰে যে বিশ্বত বৃহৎ পৰিবৰ্তন দ্ৰুতগতিত ঘটিছে। অৱশ্যে চীনৰ প্ৰতিৰক্ষা ব্যয়ৰ এই বৃদ্ধি অপ্ৰত্যাশিত নহয়,  বিগত বছৰৰ বৃদ্ধিৰ সৈতে একে।

বাণিজ্য যুদ্ধৰ ভাবুকি আহিলেও চীনে নিজৰ অৰ্থনীতিৰ বিকাশ অব্যাহত ৰাখিবৰ বাবে চেষ্টা কৰিছে। মধ্যপ্ৰাচ্য আৰু ইউক্ৰেইনৰ যুদ্ধত জড়িত আমেৰিকাৰ দৰে নহৈ চীন শান্তিপূৰ্ণ আৰু সুস্থিৰ দেশ হিচাপে থাকিব বিচাৰে বুলি উল্লেখ কৰে। একে সময়তে চীনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰটো গুৰুত্ব প্ৰদান কৰিছে।

চীনৰ দূতাবাসে ফেণ্টানিল ড্ৰাগছৰ গোচৰত চীন জড়িত থকাৰ দাবীৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাটো আমেৰিকাৰ বাবে কেৱল অজুহাতহে। তেনে ভাবুকিয়ে চীনৰ একো ক্ষতি কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে।

আমেৰিকাৰ দৰে বহুতে চীনক এক ডাঙৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে সেয়ে আমেৰিকা আৰু চীনৰ মাজত উত্তেজনাপূৰৰ্ণ সম্পৰ্ক বিৰাজ কৰি আহিছে । চীনৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল যদিও উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাহে দেখা গৈছে বুলি মত প্ৰকাশ কৰে।

চীনৰ সামৰিক বাজেট বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম যদিও এতিয়াও আমেৰিকাতকৈ সৰু। বিশেষজ্ঞসকলৰ মতে চীনে মুকলিকৈ স্বীকাৰ কৰাতকৈও হয়তো প্ৰতিৰক্ষাৰ বাবে বহু বেছি খৰচ কৰিছে।

Related News